
তিনিচুকীয়া, ০১ নৱেম্বৰ (হি.স.): তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ লিডুত ড্ৰাগছবিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰিছে আৰক্ষীয়ে । বাৰ্মাকেম্পৰ বমগাৰাত কালি নিশা চলোৱা অভিযানত সন্দেহযুক্ত হিৰ’ইনসহ এজন লোকক আটক কৰিবলৈ সক্ষম হৈছে লিডু আৰক্ষী । আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে প্ৰায় ৩৩.২৮ গ্ৰাম সন্দেহযুক্ত হিৰ’ইন আৰু নগদ ১ লাখ ২০ হাজাৰ টকা।
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ বাৰ্মাকেম্পৰ বমগাৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলে । গোপন সূত্ৰৰ ভিত্তিত লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰৌচন থাপা আৰু তিনিচুকীয়া জিলা অপাৰেচন শাখাৰ ডি এছ পি ফৈয়জ আহমেদৰ নেতৃত্বত চলোৱা হয় এই অভিযান । অভিযানকালত সন্দেহযুক্ত হিৰ’ইনসহ এজন লোকক আটক কৰে আৰক্ষীয়ে। আটকাধীন লোকজন লিডুৰ ঝৰ্ণা বস্তিৰ বাসিন্দা আলি আহমেদ বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ মতে, আটকাধীন লোকজনৰ পৰা উদ্ধাৰ হোৱা এটা মোনাৰ ভিতৰত তিনিটা চাবোনৰ বাকচত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰা হয় প্ৰায় ৩৩.২৮ গ্ৰাম সন্দেহযুক্ত হিৰ’ইন। ইয়াৰ উপৰি, আৰক্ষীয়ে নগদ ১ লাখ ২০ হাজাৰ টকাও জব্দ কৰে । ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অধিক তীব্ৰ কৰি তোলাৰ মাজতে লিডুৰ এই অভিযানক বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে গণ্য কৰা হৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ