
কোকৰাঝাৰ, ৩১ অক্টোবৰ (হি.স.): কোকৰাঝাৰৰ পৰ্বতঝোৰাত অব্যাহত আছে চোৰাং গৰু সৰবৰাহ । চোৰাং গৰুৰ বিৰুদ্ধে যোৱা কালি শুকুৰবাৰে নিশা পুনৰ পৰ্বতঝোৰা আৰক্ষীৰ অভিযান চলে ।
পৰ্বতঝোৰাৰ টিপকাই চিষ্টিত অভিযান চলাই দুটাকৈ চোৰাং গৰু জব্দ মহকুমা আৰক্ষী বিষয়াই । ইফালে আৰক্ষীৰ অভিযানৰ উমান পাই পলায়ন কৰে গো-সৰবৰাহকাৰীয়ে । ইতিমধ্যে জব্দকৃত গৰু দুটা টিপকাই আৰক্ষী চকীলৈ লৈ যায় আৰক্ষীয়ে ।
অসমৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে চলাই থকা অভিযানত চোৰাং গৰু সৰবৰাহ কৰা বাহন জব্দ কৰাৰ লগতে সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। শেহতীয়াকৈ ৰূপহীহাট, কামপুৰ, গোৱালপাৰা আৰু উত্তৰ গুৱাহাটীত অবৈধভাৱে মেঘালয়লৈ নি থকা বহুসংখ্যক গৰু ভৰ্তি বাহন আৰক্ষীয়ে জব্দ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ