দক্ষিণ শালমাৰা-মানকাচৰৰ হাটশিঙিমাৰীত অবৈধ নাগৰিক সৰবৰাহৰ অভিযোগত চাৰিজনক আটক
ভাৰতলৈ বাংলাদেশী নাগৰিকৰ অবৈধ সৰবৰাহৰ অভিযোগত খাৰুৱাবান্ধাত চাৰিজনক আটক।
দক্ষিণ শালমাৰা-মানকাচৰৰ হাটশিঙিমাৰীত অবৈধ নাগৰিক সৰবৰাহৰ অভিযোগত চাৰিজনক আটক


দক্ষিণ শালমাৰা-মানকাচৰ, ৩১ অক্টোবৰ (হি.স.): দক্ষিণ শালমাৰা-মানকাচৰ জিলাত অবৈধ বাংলাদেশী নাগৰিকৰ সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত চাৰিজন লোকক আটক কৰা হৈছে । কালি আবেলি হাটশিঙিমাৰীত খাৰুৱাবান্ধা আৰক্ষীয়ে অভিযান চলাই ভাৰতলৈ বাংলাদেশী নাগৰিকৰ অবৈধ অহা-যোৱাত সহায় কৰাৰ অভিযোগত লোককেইজনক আটক কৰে।

অভিযোগ অনুসৰি, ধনৰ বিনিময়ত বাংলাদেশী নাগৰিকক ভাৰতলৈ প্ৰৱেশ আৰু যাতায়াতৰ সুবিধা কৰি দিছিল আটকাধীন লোককেইজনে। এই অবৈধ সৰবৰাহৰ সৈতে তেওঁলোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। আটকাধীন লোককেইজনক ক্ৰমে ফেকামাৰী গাঁৱৰ জাভেদ ইছলাম, দয়াৰচৰ গাঁৱৰ আব্দুল লতিফ মিঞা আৰু ফেকামাৰী গাঁৱৰ ছাজিদ হুছেইন তথা জামিৰুল হক বুলি চিনাক্ত কৰা হৈছে।

বৰ্তমান খাৰুৱাবান্ধা আৰক্ষীয়ে লোককেইজনক জেৰা অব্যাহত ৰাখিছে। এই চক্ৰটোৰ সৈতে আন কোনো লোক জড়িত আছে নেকি আৰু অবৈধ সৰবৰাহৰ আঁৰত কোনো বৃহৎ নেটৱৰ্ক সক্ৰিয় হৈ আছে নেকি, সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

অৱশ্যে, এই পৰ্যন্ত আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱা নাই আৰু আটকাধীন লোককেইজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আদালতত প্ৰমাণিত হোৱা নাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande