
লক্ষিমপুৰ, ০১ নৱেম্বৰ (হি.স.): লক্ষিমপুৰ জিলাৰ বঙালমৰা আৰক্ষীয়ে যোৱা কালি শনিবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে মাৰাথান অভিযান চলায় । গোপন খবৰৰ ভিত্তিত নিশা প্ৰায় ৭ মান বজাত লালুক বিহপুৰীয়া ৰাজ্যিক ঘাই পথৰ আমুগুৰি তিনিআলিত ড্ৰাগছৰ ১৯টা কণ্টেইনাৰ সহ আটক দুই ড্ৰাগছ সৰবৰাহকাৰী । ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে বঙালমৰাৰ ২নং আহমেদ পুৰৰ হজৰত বিলাল আৰু ছাদিকুল ইছলাম বুলি পৰিচয় পোৱা গৈছে ।
লক্ষিমপুৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখাৰ গীতাৰ্থ দেৱ শৰ্মাৰ উপস্থিতিত জব্দ কৰা হয় ড্ৰাগছ খিনি।
ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা জব্দ কৰা হৈছে দুটা স্মাৰ্ট মোবাইল ফোন । বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ছত্ৰচিং পাটৰৰ নেতৃত্বত চলোৱা অভিযানত ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ