হাজোৰ ধাননি পথাৰত গঞা ৰাইজৰ ছাগলী চোৰক পহুখেদা
হাজোৰ ধাননি পথাৰত আগে আগে চোৰ পিছে পিছে গঞা ৰাইজ।
হাজোৰ ধাননি পথাৰত গঞা ৰাইজৰ ছাগলী চোৰক পহুখেদা


কামৰূপ, ১৩ নৱেম্বৰ (হি.স.): হাজোৰ বৰদধিত বিগত সময়ছোৱাত বৃহত্বৰ বৰদধি, কুলহাটীকে ধৰি হাজোৰ ভিন্ন অঞ্চলত গৰু আৰু ছাগলী চোৰে সন্ত্ৰাস চলাই আহিছিল। বহু দৰিদ্ৰ কৃষক পৰিয়ালৰ গো-ধন আৰু ছাগলী চুৰি কৰি উদং কৰি আহিছিল গোহালি । বৃহস্পতিবাৰে দিন দুপৰতে তিনিজনীয়া গৰু চোৰৰ দলে বৰদধিৰ ধাননি পথাৰৰ পৰা গো-ধন চুৰি কৰিবলৈ লওতে কৃষক ৰাইজে প্ৰত্যক্ষ কৰে।

কৃষক ৰাইজে প্ৰত্যক্ষ কৰাৰ পিছত চোৰ কেইটাই বিলাসী বাহন লৈ উধাও হওতে পথৰ দাঁতিত থকা দুজন যুৱকক মহটিয়াই নিব লওতে পথৰ দাঁতিত বাগৰি পৰে বাহন খন । তাৰ পিছতে বাহন এৰি চোৰ কেইটা পলাবলৈ চেষ্টা কৰোতে দুজন চোৰক ৰাইজে কৰায়ত্ত কৰি উত্তম মধ্যম শোধায় । ৰাইজৰ প্ৰহাৰত লেবেজান হৈ পৰে দুই ধৃত চোৰ । আনহাতে এজন গভাইত চোৰ পলাই যাবলৈ সক্ষম হয়।ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ দুই গৰু চোৰৰ লগতে বিলাসী বাহন খন জব্দ কৰি থানালৈ লৈ যায় । এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande