
ধুবুৰী, ১৪ নৱেম্বৰ (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত আজি নিজ পিতৃৰ বিৰুদ্ধে এজহাৰ দাখিল কৰে কন্যাই । পিতৃয়ে মদ-ভাং খাই কন্যাক শাৰীৰিক-মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। পিতৃয়ে ধনৰ লোভত নাবালিকা ছোৱালীক বল পূৰ্বক বিবাহ দিয়াৰ চেষ্টাৰ বিৰুদ্ধে বিলাসীপাৰা থানাত এজহাৰ দিয়ে নিজ কন্যাই । বিলাসীপাৰাৰ পাইকানডাৰা প্ৰথম খণ্ড গাঁৱত সংঘটিত হৈছে এই নাভূত নাশ্ৰুত ঘটনা।
ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলি থকাৰ সময়তেই পাইকানডাৰা প্ৰথম খণ্ড গাঁৱৰ ইছমাইল হুছেইনে নাবালিকা কন্যাই বিবাহত ৰাজি নোহোৱাৰ বাবেই শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ইফালে এই বিবাহৰ তীব্ৰ বিৰোধিতা কৰি কন্যাই নিজৰ খুড়াক লগত লৈ কাষ চাপিছিল বিলাসীপাৰা আৰক্ষীৰ। জানিব পৰা মতে বিলাসীপাৰা আৰক্ষীয়ে বিষয়টো চালিজাৰি চাই তদন্তৰ সময়খিনিত খুড়াই ছোৱালীগৰাকীক সুৰক্ষিত ৰখাৰ বাবে জিম্মাত দিছিল।
এই ঘটনাৰ পিছতেই অভিযুক্ত পিতৃয়ে নিজ ইচ্ছাত খুড়াৰ ঘৰত আশ্ৰয়ৰ বাবে যোৱা কন্যা অপহৰণৰ অভিযোগ তুলি অভিযোগ দাখিল কৰে লক্ষীগঞ্জ আৰক্ষীক। অভিযোগ পোৱাৰ পিছতেই লক্ষীগঞ্জ আৰক্ষীয়ে আৰক্ষী গিৰি দেখুৱাই অভিযুক্ত পিতৃৰ পৰিৱৰ্তে উঠাই লৈ আহে খুড়াকক। অভিযোগ অনুসৰি ছোৱালীজনীৰ খুড়াকক লক্ষীগঞ্জ আৰক্ষীয়ে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে। লক্ষীগঞ্জ আৰক্ষীয়ে খুড়াক এৰি দিয়াৰ নামতো অংকৰ ধন দাবী কৰাৰো অভিযোগ উত্থাপন হৈছে। সমগ্ৰ বিষয়টোৰ ওপৰত উচিত তদন্ত বিচাৰিছে ভুক্তভোগী ছোৱালীজনীৰ খুড়ীয়েক আৰু দল সংগঠনে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ