
ধুবুৰী, ১৫ নৱেম্বৰ (হি.স.): মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত জুৱাৰিৰ বিৰুদ্ধে যোৱা কালি শনিবাৰে নিশা ধুবুৰী আৰক্ষীৰ ধাৰা বাহিক অভিযান চলে । ধুবুৰী চহৰৰ এন এছ ৰোডত থকা মিতালী ক্লাবত জুৱাৰিৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান চলে ।
আৰক্ষীৰ এই অভিযানত ধুবুৰী চহৰৰ নামি দামী মুঠ ১০ জনকৈ জুৱাৰিক আটক কৰা হয় । আৰক্ষীয়ে মিতালী ক্লাৱৰ পৰা জুৱাৰ সামগ্ৰীও জব্দ কৰে । সম্প্ৰতি ১০ জন জুৱাৰিক আটক কৰি ধুবুৰী আৰক্ষী তদন্ত অব্যাহত ৰাখিছে । জানিব পৰামতে, ধৃত ১০ জনৰ ভিতৰত কেইবাজনো আছে হাইপ্ৰফাইল নেতা আৰু পালিনেতা ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ