
গোৱালপাৰা, ১৭ নৱেম্বৰ (হি.স.): ড্ৰাগছৰ বিৰুদ্ধে পুনৰ সক্ৰিয় হৈ উঠিছে গোৱালপাৰা জিলাৰ আৰক্ষী। গোৱালপাৰা জিলাৰ চুনাৰী আৰু ধুমেৰঘাট আৰক্ষীয়ে যোৱা কালি সোমবাৰে নিশা চলোৱা যুটীয়া অভিযানত ৩০.৭০ গ্ৰাম ড্ৰাগছ জব্দ কৰা হয়। লগতে আটক কৰা হৈছে দুজন যুৱকক ।
প্ৰাপ্ত তথ্য অনুসৰি, ধুমেৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শুকেশ ঘোষৰ নেতৃত্বত এক বিশেষ সূত্ৰৰ পম খেদি চাটাইমাৰীত অভিযান চলায় আৰক্ষীৰ এটা দলে । এই অভিযানতে ৩০.৭০ গ্ৰাম সন্দেহযুক্ত ড্ৰাগছসহ ৰছিদুল হক আৰু খলিচাভিটা গাঁৱৰ ছুৰত জামাল নামৰ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । ইতিমধ্যে আটকাধীন দুয়োজন যুৱকক লৈ আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে । এই ড্ৰাগছ সৰবৰাহৰ আঁৰত আন কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভতো তদন্ত চলাইছে আৰক্ষীয়ে । ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ এনে অভিযানক লৈ অঞ্চলটোত ব্যাপক চৰ্চা চলিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ