
গোৱালপাৰা, ১৭ নৱেম্বৰ (হি.স.)। গোৱালপাৰাৰ জলেশ্বৰৰ ছাটাইমাৰীত যোৱা নিশা আৰক্ষীৰ অভিযান। ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত জব্দ কৰে সন্দেহযুক্ত হে'ৰইন । ৩০.৭০ গ্ৰাম ওজনৰ হে'ৰইন খিনি বিক্ৰীৰ বাবে আনিছিল দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰীয়ে। ছাটাইমাৰী গাঁৱৰ ৰছিদুল হ'ক আৰু ছাৰালঝাৰ গাঁৱৰ চুৰট জামাল নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুজনে দীৰ্ঘদিনৰ পৰাই জলেশ্বৰ অঞ্চলত চলাইছিল ড্ৰাগছৰ ব্যৱসায়।
বিশেষ সূত্ৰৰ আঁত ধৰি চুনাৰী আৰক্ষীয়ে ছাটাইমাৰীত চলাইছিল অভিযান। অভিযানত সন্দেহযুক্ত হে'ৰইনৰ লগতে ৩২৯ টা খালী কন্টেইনাৰ সহ দুই সৰবৰাহকাৰী ৰছিদুল হ'ক আৰু চুৰট জামালক হাতেলোতে কৰায়ত্ত কৰে। ধৃত লোক দুজনে ব্যৱহাৰ কৰা আপাচী মটৰচাইকেল এখনো জব্দ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু