দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ
ডিব্ৰুগড়, ১৭ নৱেম্বৰ (হি.স.)। দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ। ৰে’লযোগে বহিঃৰাজ্যলৈ পলায়নৰ চেষ্টা চলাওঁতেই আৰক্ষীৰ জালত পৰিল ৰাজু দাস আৰু আমিৰ দাস। শিমলুগুৰি ৰে’ল ষ্টেচনৰ পৰা অৱধ আছাম এক্সপ্ৰেছত উঠিবলৈ লওঁতেই মৰাণ আৰক্ষী আ
দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ


ডিব্ৰুগড়, ১৭ নৱেম্বৰ (হি.স.)। দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ। ৰে’লযোগে বহিঃৰাজ্যলৈ পলায়নৰ চেষ্টা চলাওঁতেই আৰক্ষীৰ জালত পৰিল ৰাজু দাস আৰু আমিৰ দাস। শিমলুগুৰি ৰে’ল ষ্টেচনৰ পৰা অৱধ আছাম এক্সপ্ৰেছত উঠিবলৈ লওঁতেই মৰাণ আৰক্ষী আৰু শিমলুগুৰি জি আৰ পিৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হয় দুয়োকে।

আৰক্ষীৰ প্ৰাথমিক জেৰাত ৰডেৰে মৰিয়াই একেটা পৰিয়ালৰ তিনিজনক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে দুই অভিযুক্তই বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, সোমবাৰে নিশাৰে পৰা পলাতক হৈ আছিল ৰাজু আৰু আমিৰ। হত্যাকাণ্ডৰ পিছৰে পৰা বন্ধ হৈ আছিল ৰাজু দাসৰ ম'বাইল ফোন। ডিব্ৰুগড় আৰক্ষীৰ গোপন তথ্যৰ ভিত্তিত মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শান্তিজিত দেউৰী আৰু চক্ৰ পৰিদৰ্শক ৰাতুল হালৈৰ নেতৃত্বত চলোৱা হৈছিল অভিযান।

উক্ত হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত ৰাজু দাস আছিল মৃত চন্দ্ৰকান্ত ভূঞাৰ ঘৰৰ ভাড়াতীয়া। বিগত প্ৰায় সাত বছৰ ধৰি ভূঞা পৰিয়ালৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল ৰাজু। জানিব পৰা মতে, পৰিয়ালটোক প্ৰায় ৬৮ হাজাৰ টকা ঘৰৰ ভাড়া দিবলৈ বাকী আছিল তেওঁৰ। এই ভাড়াৰ ধনক লৈ কোনো বিবাদৰ সূত্ৰপাত হৈছিল নেকি, সেই দিশটোও তদন্ত কৰি আছে আৰক্ষীয়ে।

ইফালে, হত্যাকাণ্ডৰ তদন্তত পোহৰলৈ আহিছে আন কেইবাটাও চাঞ্চল্যকৰ তথ্য। আৰক্ষীৰ প্ৰাথমিক সন্দেহ অনুসৰি, সোমবাৰে পুৱা প্ৰায় ৮ বজাত দুই অভিযুক্তই ভূঞা পৰিয়ালৰ ঘৰত প্ৰৱেশ কৰিছিল। ঘৰত প্ৰৱেশ কৰাৰ পূৰ্বে বিচ্ছিন্ন কৰা হৈছিল চিচিটিভি কেমেৰাৰ সংযোগ। আনকি বৰষুণ নোহোৱাৰ পিছতো দুয়োৰে হাতত আছিল ছাতি।

সোমবাৰে পুৱা ১০ বজালৈকে ফেচবুকত অনলাইন হৈ আছিল নীহাৰিকা ভূঞা। তাৰ পিছতে হঠাৎ নিস্তব্ধ হৈ পৰিছিল ঘৰখন। বিয়লি প্ৰায় ৩ বজাত ৰাজু দাসে আন এজন লোকৰ সৈতে ভূঞা পৰিয়ালৰ ঘৰলৈ ষট্ পূজাৰ প্ৰসাদ দিবলৈ আহিছিল। দুয়োৰে হাতত আছিল দুটা ছাতি। কিন্তু ঘৰৰ দুৱাৰ বন্ধ হৈ থকাৰ বাবে প্ৰসাদ দিব নোৱাৰি কাষৰ ভাড়াতীয়াক জনাই উভতি গৈছিল তেওঁলোক।

সন্ধিয়াৰ ভাগত বন্ধ ঘৰৰ ভিতৰত উদ্ধাৰ হৈছিল চন্দ্ৰকান্ত ভূঞা, তেওঁৰ পত্নী এলিজা ভূঞা আৰু কন্যা নীহাৰিকা ভূঞাৰ মৃতদেহ।

ঘটনাস্থলীৰ ড্ৰয়িং ৰুমত তেজৰ ডোঙাৰ মাজত পৰি আছিল চন্দ্ৰকান্ত ভূঞাৰ মৃতদেহ। পাকঘৰত উদ্ধাৰ হৈছিল পত্নী এলিজা ভূঞাৰ নিথৰ দেহ। আনহাতে, শোৱনি কোঠাত উদ্ধাৰ হৈছিল কন্যা নীহাৰিকাৰ মৃতদেহ। আৰক্ষীয়ে ঘৰটোৰ পৰা এডাল ৰড আৰু এখন দা উদ্ধাৰ কৰাৰ লগতে নিশা ফৰেনছিক বিশেষজ্ঞৰ দলে চলাইছিল পৰীক্ষা-নিৰীক্ষা।

পৰৱৰ্তী সময়ত তিনিওজনৰ মৃতদেহ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ কেইটা চৰাইদেউ জিলাৰ মৰাণজান গাঁৱলৈ লৈ যোৱা হয়। তাতেই সম্পন্ন কৰা হয় তিনিওজনৰ শেষকৃত্য।

আনহাতে, অভিযুক্ত ৰাজু দাসৰ পূৰ্বৰ অপৰাধমূলক গোচৰৰ তথ্যও পোহৰলৈ আহিছে। পূৰ্বে দুলীয়াজানৰ এটা কিশোৰ অপহৰণৰ গোচৰত অভিযুক্ত আছিল ৰাজু। এই সন্দৰ্ভত দুলীয়াজান আৰক্ষী থানাত ১৪৯/২০ নম্বৰৰ গোচৰ ৰুজু হৈছিল। অৱশ্যে ২০২৪ চনৰ ২৯ ফেব্ৰুৱাৰীত আদালতে তেওঁক দোষমুক্ত ঘোষণা কৰিছিল।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande