
নগাঁও, ১৭ নৱেম্বৰ (হি.স.)। চামগুৰিৰ পুৰণা শালনা প্ৰাথমিক বিদ্যালয়ৰ নিৰ্মাণত ব্যাপক গাফিলতিৰ অভিযোগ, এবছৰেও সম্পূৰ্ণ নহ’ল কাম। নগাঁও জিলাৰ চামগুৰিৰ পুৰণা শালনা প্ৰাথমিক বিদ্যালয়ৰ নিৰ্মাণকাৰ্যত ব্যাপক গাফিলতি আৰু অতি লেহেমীয়া গতিৰ অভিযোগ উত্থাপন হৈছে। ঠিকাদাৰ ৰফিক ইছলামৰ অধীনত প্ৰায় ৯০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা বিদ্যালয় খনৰ কাম এবছৰ উকলি যোৱাৰ পিছতো সম্পূৰ্ণ নহ’ল।
ফলত বৰ্তমানেও চাহ বাগিচাৰ এটা সৰু ক্লাবঘৰতে পাঠদান কৰিবলৈ বাধ্য হৈছে কণ কণ ছাত্ৰ-ছাত্ৰী। কেৱল নিৰ্মাণৰ লেহেমীয়া গতিয়েই নহয়, কামত ব্যৱহাৰ কৰা সামগ্ৰীৰ গুণগত মানক লৈও উঠিছে গুৰুতৰ প্ৰশ্ন। বিদ্যালয় খন ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি হোৱাৰ পূৰ্বেই ভাঙি পৰিছে খিৰিকী-দুৱাৰ। কাগজৰ দৰে পাতল টিনপাত, নিম্নমানৰ দুৱাৰ-খিৰিকী নিৰ্মাণৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে চাহ জনজাতি ছাত্ৰ সন্থাই।
এতিয়া প্ৰশ্ন হৈছে, প্ৰায় ৯০ লাখ টকা ব্যয়ৰ এই বিদ্যালয় নিৰ্মাণৰ কামত এনে গাফিলতি কিয়? চৰকাৰী ধনৰ সদ্ব্যৱহাৰ হৈছে নে নাই, তাৰ উচিত তদন্তৰ দাবী জনাইছে সচেতন মহলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ