
কোকৰাঝাৰ, ০৬ অক্টোবৰ (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ বেলগুৰিত চোৰাং কাঠৰ বিৰুদ্ধে যোৱা কালি সোমবাৰে নিশা আৰক্ষীৰ অভিযান চলে । পৰ্বতঝোৰা এছডিৰিওৰ অভিযানত চেগুন গছৰ কুণ্ডা ভৰ্তি ট্ৰেক্টৰ এখন জব্দ কৰা হয় । ইফালে এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰে বনদস্যুৰ দলে ।
পৰ্বতঝোৰাৰ খোৰাঘাট বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত ভেলাকপা সংৰক্ষিত বনাঞ্চলৰ বেলগুৰিত বনদস্যুয়ে নিশা মূল্যবান চেগুন গছ কাটি ট্ৰেক্টৰৰে সৰবৰাহ কৰি থকা সময়তে পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়াই(SDPO) অভিযান চলাই চেগুন গছৰ কুণ্ডা ভৰ্তি এখন পঞ্জীয়ন বিহীন ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হয়। পৰ্বতঝোৰাত বিয়াগোম বন বিভাগ থকাৰ পিছতো বনদস্যুই সংৰক্ষিত বনাঞ্চলৰ পৰা মূল্যবান গছ সমূহ কাটি তহলিং কৰি সৰবৰাহ কৰি থাকোতে আৰক্ষীৰ অভিযান চলাই কুণ্ডাসহ ট্ৰেক্টৰ জব্দ কৰা ঘটনাই খোৰাঘাট বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে। বন বিভাগে বনাঞ্চলৰ বনধ্বংস যজ্ঞ ৰোধ কৰাত বিফল হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সচেতন মহলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ