
ধুবুৰী, ০৪ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানাৰ ভাৰত বাংলাদেশ সীমান্তত চোৰাং গৰুৰ বেহা অব্যাহত আছে । একাংশ চোৰাং গৰু সৰবৰাহকাৰীয়ে আৰক্ষীৰ আৰু সীমান্ত সুৰক্ষা বাহিনীৰ চকুত ধুলি দি গো ধন সৰবৰাহ কৰাৰ অপচেষ্টা চলাইছে যদিও সফল হ’ব পৰা নাই সৰবৰাহকাৰীয়ে ৷
ফকিৰগঞ্জ থানাৰ অন্তৰ্গত চকীৰচৰ ব্ৰহ্মপুত্ৰ নদীৰ চৰ চাপৰিত চকীৰচৰ বিঅপিৰ সীমান্ত সুৰক্ষা বাহিনীয়েে কালি বিয়লি অভিযান চলাই ২০ টাকৈ চোৰাং গৰু জব্দ কৰে যদিও এজনো সৰবৰাহকাৰীক আটক কৰিব পৰা নাই ৷ ইতিমধ্যে সীমান্ত সুৰক্ষা বাহিনীয়ে গৰু সমূহ ফকিৰগঞ্জ আৰক্ষী থানাত গতাই দিয়ে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ