
কোকৰাঝাৰ, ০১ অক্টোবৰ (হি.স.): কোকৰাঝাৰত বৃহৎ পৰিমানৰ গাঞ্জা জব্দ কৰা হৈছে। কোকৰাঝাৰ জিলাৰ বালাজান তিনিআলিৰ পৰা বৃহৎ পৰিমানৰ গাঞ্জা জব্দ কৰা হয় ।
বালাজান তিনিআলিৰ সুমিত্ৰা নাথ নামৰ লোকজনৰ ঘৰৰ চৌহদৰ পৰা স্থানীয় মহিলাৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰে ৪ কেজি ৬০০গ্ৰাম গাঞ্জা । স্থানীয় মহিলাসকলে নিচাজাতীয় দ্ৰব্যৰ অবাধ প্ৰচলনত বিতুষ্ট হৈ ৩০ ছেপ্টেম্বৰৰ নিশা বালাজান তিনালীৰ সুমিত্ৰা নাথৰ বাসগৃহত অভিযান চলায় । গাঞ্জা বিক্ৰেতা আৰু কিনোতাক হাতে লোটে আটক কৰে স্থানীয় মহিলাই । গাওঁ খনৰ শ শ মহিলা ওলাই আহে গাঞ্জা বেপাৰীৰ বিৰুদ্ধে আৰু ঘৰ ঘেৰাও কৰে ।
স্থানীয় মহিলাই গাঞ্জা বেপাৰীক আটক কৰাৰ পিছত আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে গাঞ্জা বেপাৰীৰ ঘৰৰ চৌহদৰ পৰা ৪ কেজি ৬০০ গ্ৰাম গাঞ্জা জব্দ কৰে। অধিকাংশ গাঞ্জা মাটিৰ তলত পুতি থোৱা আছিল । ঘটনা সন্দৰ্ভত তিনিজনক আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ