দলগাঁৱত চুৰি সামগ্ৰী উদ্ধাৰ, এজনক আটক
দলগাঁৱত চুৰি সামগ্ৰী উদ্ধাৰ এজনক আটক।
দলগাঁৱত চুৰি সামগ্ৰী উদ্ধাৰ, এজনক আটক


দৰং, ০১ অক্টোবৰ (হি.স.): দৰং জিলাৰ দলগাঁও আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰা হৈছে । ভঙা–ছিগা সামগ্ৰী (কাবাড়ি) দোকানত যোৱা কালি বুধবাৰে বিয়লি অভিযান চলাই চোৰাং ট্ৰেক্টৰ আৰু চোৰাং মটৰ চাইকেলৰ নম্বৰ প্লেট পাৰ্টচ টায়াৰ আদি উদ্ধাৰ কৰা হয়।

জানিব পৰা মতে দলগাঁও থানাৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত ওদালগুৰি জিলাৰ সাপমাৰী আৰক্ষী চকীৰ সমীপতে মেধি পাৰা গাঁৱত এখন কাবাড়ি দোকানত কালি বিয়লি অভিযান চলাই চোৰাং ট্ৰেক্টৰ আৰু চোৰাং মটৰ চাইকেলৰ নাম্বাৰ প্লেট পাৰ্চ টায়াৰ আদি উদ্ধাৰ কৰাৰ লগতে চোৰাং কাৰবাৰৰ লগত জড়িত থকাৰ সন্দেহত বেছিমাৰী পথাৰ গাঁৱৰ জিয়াৰুল ইছলাম নামৰ ব্যক্তি এজনক আটক কৰিবলৈ সক্ষম হয়। দলগাঁও আৰক্ষীয়ে জানিবলৈ দিয়া মতে এএছ ১৩ এল ৬১৬৬ চোৰাং মটৰ চাইকেল খন বিচাৰি তালাচী অভিযান চলাই থকাৰ সময়তে কাবাড়ি (ভঙা সামগ্ৰী) কিনা দোকান খনৰ পৰা এই চোৰাং সামগ্ৰীসমূহ উদ্ধাৰ হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande