
কোকৰাঝাৰ, ০৪ অক্টোবৰ (হি.স.): কোকৰাঝাৰত পৰ্বতঝোৰাত চোৰাং গৰু সৰবৰাহ বিৰুদ্ধে মাৰাথন অভিযান অব্য়াহত আছে । যোৱা
কালি শনিবাৰে নিশা বগৰীবাৰী আৰক্ষীৰ অভিযানত জব্দ কৰা হয় ৬টাকৈ গৰু । আংগাৰকাটা ২ম খণ্ডত এই অভিযান চলিছিল।
ইফালে আৰক্ষীৰ অভিযানৰ উমান পাই এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰে পশুধন সৰবৰাহকাৰী । আৰক্ষীয়ে চোৰাং গৰু কেইটা জব্দ কৰি তদন্ত আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ