
ধুবুৰী, ০৫ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীৰ জালত পৰিছে তিনিজনকৈ গভাইত চোৰ। ই ৰিক্সা চুৰি কৰি আৰক্ষীৰ জালত পৰিছে মজিবৰ আলী, হুছেইন আলী আৰু আলমগীৰ হুছেইন নামৰ চোৰ কেইটা ।
জানিব পৰামতে, চলিত বৰ্ষৰে এপ্ৰিল মাহত গৌৰীপুৰৰ নুৰ নবী হুছেইন নামৰ যুৱক জনৰ পৰিয়াল পোহপাল দিয়া একমাত্ৰ উপাৰ্জন কৰা ই ৰিক্সা খন হেৰায়। পিছত গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰি কেৰেলামলৈ কামত যায়। ইপিনে আৰক্ষীয়ে ই ৰিক্সা চোৰক বিচাৰি অভিযান অব্যাহত ৰাখে। আৰক্ষীৰ অভিযানত পশ্চিম বংগৰ বালাভূতৰ ই ৰিক্সা ক্ৰয় কৰা হুছেইন আলীক প্ৰথমে আটক কৰে। তাৰ পিছত তদন্ত তীব্ৰতৰ কৰি চুৰিকাণ্ডৰ মূল অভিযুক্ত ধুবুৰীৰ ১১ নং ৱাৰ্ডৰ মজিবৰ আলীক গ্ৰেপ্তাৰ কৰে। গৌৰীপুৰ আৰু আগমনি আৰক্ষীয়ে চলোৱা যৌথ অভিযানত যোৱা নিশা পশ্চিম বংগৰ বালাভূতৰ আলমগীৰ হুছেইনক ই ৰিক্সা সহ আটক কৰে।
জানিব পৰা মতে, ধুবুৰীৰ মজিবৰ আলীয়ে পশ্চিম বংগৰ আলমগীৰ হুছেইন আৰু হুছেইন আলীৰ কাষত বিক্ৰী কৰিছিল ই ৰিক্সা খন।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ