হাজোৰ আলিকাষত নৃশংস হত্যাকাণ্ডৰ ঘটনা
হাজোৰ আলিকাষত নৃশংস হত্যাকাণ্ড ।
হাজোৰ আলিকাষত নৃশংস হত্যাকাণ্ডৰ ঘটনা


কামৰূপ, ২১ অক্টোবৰ (হি.স.): কামৰূপ জিলাৰ হাজোৰ আলিকাষত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। ভূমিকেন্দ্ৰিক বিবাদৰ বাবে সংঘটিত হয় এই হত্যাকাণ্ড । মঙলবাৰে চফেদ আলী নামৰ লোকজনৰ ভূমিত সমীপৰ মিন্টু আলীয়ে ট্ৰেক্টৰেৰে মাটি চাহ কৰি থকা অৱস্থাত চফেদ আলীয়ে বাধা দিয়াত মিন্টু আলীৰ পৰিয়ালৰ লোকে চোকা অস্ত্ৰৰে চফেদ আলীক গুৰুতৰ ভাবে আহত কৰে । এই দৃশ্য প্ৰত্যেক্ষ কৰাৰ পিছত চফেদ আলীৰ পুত্ৰ ৰাহুল আলী ওৰফে মুন ঘটনাস্হলীত উপস্থিত হোৱাত ৰাহুল আলীকো চোকা অস্ত্ৰৰে গুৰুতৰ ভাবে আহত কৰে মিন্টু আলীৰ পৰিয়ালে ।

আনহাতে কালিয়ে দুয়োগৰাকীকে নাৰায়ানা হস্পিতালত ভৰ্তি কৰাই যদিও নিশাৰ ভাগত চফেদ আলীৰ মৃত্যু হয় । ইপিনে ৰাহুল আলীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে । চফেদ আলী আৰপিএফৰ অৱসৰী কৰ্মচাৰী হোৱাৰ বিপৰীতে পুত্ৰ ৰাহুল আলী এপিআৰওৰ উপ-পৰিদৰ্শক । ইতিমধ্যে অভিযুক্ত মন্টু আলী, ৰুফিয়া বেগম, জুমি বেগম, ৰাজ আহমেদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । ইফালে দুজন পলাতক জানিব পৰা গৈছে । ঘটনাৰ জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে দদৰা আৰক্ষীয়ে । এই ঘটনালৈ অঞ্চলটোত চেপা উত্তেজনা অব্যাহত আছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande