নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে বিলাসীপাৰা আৰু শালকোচা আৰক্ষীৰ যৌথ অভিযান
নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে বিলাসীপাৰা আৰু শালকোচা আৰক্ষীৰ যৌথ অভিযান।
নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে বিলাসীপাৰা আৰু শালকোচা আৰক্ষীৰ যৌথ অভিযান


ধুবুৰী, ২১ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা । নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে বিলাসীপাৰা আৰু শালকোচা আৰক্ষীয়ে মঙলবাৰে নিশা চলোৱা যৌথ অভিযানত এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হৈছে।

এই অভিযানত আৰক্ষীয়ে খেদি খেদি চিল্কিখাতা অঞ্চলত বাহনসহ সৰবৰাহকাৰীটোক আটক কৰে। ইফালে কুখ্যাত ড্ৰাগছ মাফিয়া বাবু খানে গাড়ী এৰি পলায়ন কৰে । আধকাধনীন ড্ৰাগছ সৰবৰাহকাৰী জন গোৱালপাৰাৰ জাকিৰ হুছেইন বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে জাকিৰ হুছেইনৰ পৰা বৃহৎ পৰিমাণৰ হেৰোইনসহ এখন চাৰি চকীয়া বাহন জব্দ কৰে। জব্দ কৰা বাহন খনৰ নম্বৰ এএছ ১৯ টি ১২৪৩ বুলি জন গৈছে। কুখ্যাত ড্ৰাগছ মাফিয়া বাবু খানক বিচাৰি আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande