
মৰিগাঁও, ১৯ অক্টোবৰ (হি.স.): দুৰ্গাপূজাৰ আনন্দৰ মাজতে যোৱা কালি দেওবাৰে সন্ধিয়া মৈৰাবাৰীত আৰক্ষীয়ে চলালে এক বৃহৎ অভিযান । লাহৰীঘাট সম-জিলাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত মৈৰাবাৰী আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানত জব্দ কৰা হয় কাৰ্টনে কাৰ্টনে অবৈধ বিলাতী সুৰা । উৎসেৱৰ বতৰত আৰক্ষীৰ এই কঠোৰ পদক্ষেপে এতিয়া সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ হোৱাৰ পিছতে মৈৰাবাৰীত অবৈধ সুৰাৰ বেহা কিমান গভীৰলৈ শিপাইছে, তাক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে। মজিবুৰ নামৰ মদ বেপাৰী জনৰ ঘৰৰ পৰা ২ মোনা আৰু প্ৰস্তুতি নামৰ মদ বেপাৰী ঘৰৰপৰা কেইবা কাৰ্টন সুৰা জব্দ কৰে। উল্লেখ্য যে বিগত বহু দিন ধৰি অবৈধ বাবে মৈৰাবাৰীত সুৰাৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল। পুৰ্বেই বহু বাৰ আৰক্ষীয়ে দুয়োজন সুৰা বেপাৰীৰ ঘৰৰ পৰা বিলাতী সুৰা জব্দ কৰিছিল যদিও পুনৰ ব্যৱসায় চলাই গৈছিল এই দুইজন সুৰা বেপাৰীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ