ব্ৰাউন চুগাৰ সহ দুজন সৰবৰাহকাৰীক আটক
ব্ৰাউন চুগাৰ সহ দুজন সৰবৰাহকাৰীক আটক।
ব্ৰাউন চুগাৰ সহ দুজন সৰবৰাহকাৰীক আটক


ধুবুৰী, ১৭ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জত ব্ৰাউন চুগাৰ সহ দুজন সৰবৰাহকাৰীক আটক কৰা হৈছে। যোৱা কালি শুকুৰবাৰে সন্ধিয়া ব্ৰাউন চুগাৰ সহ দুজন সৰবৰাহকাৰীক আটক কৰা হয়।

প্ৰাপ্ত তথ্য মতে গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নিৰ্দেশ মৰ্মে গোলকগঞ্জ আৰক্ষীৰ এটি দলে মটেৰঝাৰত চলাইছিল অভিযান। অভিযানত ড্ৰাগছ সৰবৰাহকাৰীয়ে চলাই অহা নম্বৰ প্লেট বিহীন গ্লেমাৰ বাইক এখন আটক কৰি তালাচী চলায়। তালাচীত বাইক খনৰ চালক কহিদুৰ ৰহমানৰ হেলমেটত লুকুৱাই অনা ১০ টাকৈ সন্দেহজনক ব্ৰাউন ছুগাৰ ভৰ্তি কন্টেনাৰ জব্দ কৰে। ধৃত সৰবৰাহকাৰী দুজন সাহেৱগঞ্জৰ কহিদুৰ আলী আৰু কৈমাৰি গাঁৱৰ শুকুৰ আলী বুলি পৰিচয় পোৱা গৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande