ৰূপহীহাট আৰক্ষীৰ যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ ককেইন জব্দ
ৰূপহীহাট আৰক্ষীৰ যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ কুকেইন জব্দ।
ৰূপহীহাট আৰক্ষীৰ যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ ককেইন জব্দ


নগাঁও, ১৫ অক্টোবৰ (হি.স.): নগাঁও আৰক্ষী আৰু ৰূপহীহাট আৰক্ষীৰ যুটীয়া অভিযানত যোৱা কালি বুধবাৰে সন্ধিয়া বৃহৎ পৰিমাণৰ ককেইন জব্দ কৰা হৈছে । ৰূপহীহাটৰ বাটমাৰীত যোৱাকালি বুধবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ককেইনসহ তিনিজন লোকক আটক কৰে।

আটকাধীন লোককেইজন হৈছে আশাদুল হক, ৰুহুল উদ্দিন আৰু ৰাছেল আখতাৰ। আৰক্ষীৰ সূত্ৰ অনুসৰি, জব্দ কৰা ককেইনখিনিৰ বজাৰমূল্য প্ৰায় দুই কোটি টকাতকৈও অধিক বুলি অনুমান কৰা হৈছে। জব্দকৃত কুকেইনখিনিৰ ওজন ১ কেজি ৩০ গ্ৰাম । আৰক্ষীৰ অভিযানত এএছ ০১ ইএছ ৪৫৯০ নম্বৰৰ এখন চাৰিচকীয়া জব্দ কৰে। এই বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যখিনি ক’ৰ পৰা কেনেকৈ অনা হৈছিল আৰু ইয়াৰ লগত জড়িত লোকক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande