
গুৱাহাটী, ১৪ অক্টোবৰ (হি.স.)। গুৱাহাটীৰ ভৰলুমুখ আৰক্ষীয়ে নিষিদ্ধ কাহ চিৰাপৰ সৈতে এগৰাকী মহিলাসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।
বুধবাৰে আৰক্ষীয়ে জনোৱা মতে, গোপন সূত্ৰৰ ভিত্তিত যোৱা কালি মঙলবাৰে নিশা আৰক্ষী থানা এলেকাত অভিযান চলাই এগৰাকী মহিলাৰ ঘৰৰ পৰা নিষিদ্ধ কাহৰ চিৰাপ উদ্ধাৰ কৰা হয়। থানা এলেকাৰ আলুগুডাম অঞ্চলত অৱস্থিত নৰবিজ বেগম (৩২) নামৰ এজন লোকৰ ঘৰৰ পৰা নৰবিজ নামৰ মহিলাগৰাকী আৰু যোগানকাৰী আমিৰ আলী (৩৫)ক গ্ৰেপ্তাৰ কৰে।
নিষিদ্ধ কাহৰ চিৰাপৰ উপৰিও গ্ৰেপ্তাৰ অভিযুক্তৰ পৰা নগদ ৪০ হাজাৰ টকা জব্দ কৰা হৈছে । আৰক্ষীয়ে এন ডি পি এছ আইনৰ অধীনত এফ আই আৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ হোৱা ব্যক্তি দুজনৰ বিৰুদ্ধে তীব্ৰ জেৰা অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ