মৈৰাবাৰী আৰক্ষীৰ জালত ড্ৰাগছ ব্য়ৱসায়ী ফাৰ্মাচিষ্ট
মৈৰাবাৰী আৰক্ষীৰ জালত D farm কৰা ফকৰুল ইছলাম।
মৈৰাবাৰী আৰক্ষীৰ জালত ড্ৰাগছ ব্য়ৱসায়ী ফাৰ্মাচিষ্ট


মৰিগাঁও, ১৩ অক্টোবৰ (হি.স.): ফাৰ্মাচীৰ নামত ড্ৰাগছ সৰবৰাহ কৰি মৈৰাবাৰী আৰক্ষীৰ জালত পৰিছে ডি ফাৰ্ম কৰা ফকৰুল ইছলাম নামৰ ব্য়ৱসায়ীজন । ফাৰ্মাচীত দৰৱৰ পৰিবৰ্তে আছিল ড্ৰাগছ ! অভিযোগ মতে দৰৱ বিক্ৰী কৰাৰ নামত ড্ৰাগছৰ ব্যৱসায় চলাই গৈছিল ফকৰুল ইছলামে।

মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত লোচনাবৰী গাঁৱৰ পৰা আৰক্ষীয়ে যোৱা কালি সন্ধিয়া গ্ৰেপ্তাৰ কৰে ফকৰুল ইছলাম নামৰ যুৱক জনক । যুৱক জনৰ পৰা আৰক্ষীয়ে ১৪ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande