বিলাসীপাৰাত অব্যাহত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
বিলাসীপাৰাত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
বিলাসীপাৰাত অব্যাহত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান


ধুবুৰী, ১২ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । নয়াহাট আৰক্ষীৰ অভিযানত কালি সন্ধিয়া আটক কৰা হয় নিষিদ্ধ ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰী ।

ধৃত সৰবৰাহকাৰী জন বৰকান্দাৰ আশ্ৰাফুল আলম বুলি জানিব পৰা গৈছে । নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলিছিল এই অভিযান । উল্লেখ্য় যে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথন অভিযান চলাই থকা হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande