চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত টিয়কীয়া গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড
চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত টিয়কীয়া গাওঁত লোমহৰ্ষক হত্যাকাণ্ড।
চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত টিয়কীয়া গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড


চৰাইদেউ, ১১ অক্টোবৰ (হি.স.): চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত টিয়কীয়া গাঁৱত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে । প্ৰেম জনিত কাৰণত প্ৰেমিকাক দাৰে ঘপিয়াই হত্যা কৰিলে প্ৰেমিকে ।

প্ৰেমৰ প্ৰতাৰণাৰ অভিযোগ তুলি প্ৰেমিক অজিৎ কেৰ্কেটাই (৩২)দাৰে ঘপিয়াই হত্যা কৰে ৰজিনা মূৰা নামৰ যুৱতী গৰাকীক। চাহ বাগিচাত কৰ্মৰত যুৱতী গৰাকীয়ে যোৱা কালি বিয়লি আহাৰ গ্ৰহণ কৰিবলৈ ঘৰলৈ আহি থকা অৱস্থাত পূৰ্বৰে পৰা খাপ পিটি ৰৈ থকা প্ৰেমিক ৰূপী অজিতে চোকা দাৰে আক্ৰমণ কৰিবলৈ লোৱাত পলাবলৈ চেষ্টা কৰা ৰজিনাক খেদি গৈ পিছ ফালৰ পৰা দাৰে উপৰ্যুপৰি আক্ৰমণ কৰে । গুৰুত্বৰ ভাৱে আহত ৰজিনাক স্থানীয় ৰাইজে সাপেখাতী স্থিত মডেল হস্পিতাললৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে । ঘটনা সংঘটিত কৰি পলায়ন কৰে অজিৎ কেৰ্কেটাই ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande