ড্ৰাগছসহ আটক আৰক্ষী জোৱান ৰাজেশ যাদৱ
ড্ৰাগছসহ আটক আৰক্ষী জোৱান ৰাজেশ যাদৱ।
ড্ৰাগছসহ আটক আৰক্ষী জোৱান ৰাজেশ যাদৱ


ডিব্ৰুগড়, ১১ অক্টোবৰ (হি.স.): খাকী পোছাকৰ আঁৰত ড্ৰাগছৰ বেহা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । ড্ৰাগছসহ আটক কৰা হৈছে আৰক্ষী জোৱান ৰাজেশ যাদৱ। এই ঘটনাই আৰক্ষী বিভাগত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ড্ৰাগছৰ বিৰুদ্ধে চাবুৱা আৰক্ষীৰ অভিযান চলি থকাৰ মাজতে এইবাৰ ড্ৰাগছসহ আটক ৰহমৰীয়া আৰক্ষী থানাত কৰ্মৰত আৰক্ষী জোৱান ৰাজেশ যাদৱ।

উল্লেখ্য় যে ১০.২ গ্ৰাম ড্ৰাগছসহ আটক কৰা হয় জোৱানজনক । চাবুৱা আৰক্ষীৰ অভিযানত পানীতোলা নগৰ এল পি স্কুলৰ সমীপৰ পৰা আটক কৰা হয় আৰক্ষী জোৱানজনক । খোদ আৰক্ষীৰ লোকৰ বিৰুদ্ধে ড্ৰাগছৰ অভিযোগৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । আৰক্ষী জোৱানজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু ঘটনাটোৰ আঁৰৰ সবিশেষক লৈ এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande