গৌৰীপুৰত আৰক্ষীৰ জালত চোৰাং গৰুসহ ৪ সৰবৰাহকাৰী
গৌৰীপুৰত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
গৌৰীপুৰত আৰক্ষীৰ জালত চোৰাং গৰুসহ ৪ সৰবৰাহকাৰী


ধুবুৰী, ১১ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত যোৱা কালি শনিবাৰে নিশা চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলে । গৌৰীপুৰ আৰু আঠানি আৰক্ষীয়ে পৃথকে পৃথকে চলাইছিল অভিযান । এই অভিযানত চোৰাং গৰুসহ আৰক্ষীৰ জালত পৰে ৪ সৰবৰাহকাৰী।

আলমগঞ্জৰ ৮ম খণ্ডৰ পৰা জব্দ কৰা হয় ৮টাকৈ চোৰাং গৰু । ধৃত সৰবৰাহকাৰী কেইটা ক্ৰমে ফৰিদ আলী, নৈমুদ্দিন শ্বেইখ, সফিউল মণ্ডল আৰু আহমেদ আলী বুলি চিনাক্ত কৰা হৈছে । ইফালে, আঠানি আৰক্ষীৰ অভিযানত বদলাপাৰাৰ পৰা জব্দ আন ২ টাকৈ চোৰাং গৰু । চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে । এই সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande