
ধুবুৰী, ১১ অক্টোবৰ (হি.স.): ড্ৰাগছৰ বিৰুদ্ধে আগমনী আৰক্ষীৰ অভিযান অব্য়াহত আছে । শেহতীয়া অভিযান কালত যাবা টেবলেট ভৰ্তি দুখন বাইক সহ আটক কৰা হৈছে এজন সৰবৰাহকাৰী ।
অভিযোগ মতে, পশ্চিম বংগৰ ঝাওকুটিৰ পৰা নিতৌ অসমলৈ সৰবৰাহ কৰি বিভিন্ন এলেকাত বিক্ৰী কৰে নিষিদ্ধ যাবা টেবলেট। ইয়াৰ মাজতে গোপন খবৰৰ ভিত্তিত আগমনী আৰক্ষীয়ে ৰনপাগলী বজাৰত অভিযান চলাই এজন সৰবৰাহকাৰীক যাবা টেবলেট সহ আটক কৰে যদিওঁ আন তিনিজন পলায়ন কৰিবলৈ সক্ষম হয়। আটকাধীন সৰবৰাহকাৰী জন জামানুৰ শ্বেখ বুলি জানিব পৰা গৈছে। জামানুৰ শ্বেখৰ পৰা প্ৰায় চাৰি হাজাৰ যাবা টেবলেট জব্দ কৰে আৰক্ষীয়ে। আনহাতে আৰক্ষীয়ে ডব্লিউবি ৬৪ এবি ১৩১৩ আৰু ডব্লিউবি ৬৪ ৱাই ৩৫৮৮ নম্বৰৰ দুখন বাইক জব্দ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ