
গোলাঘাট, ১২ অক্টোবৰ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱৰ ৰঙামাটিত যোৱা কালি দেওবাৰে সন্ধিয়া উদ্ধাৰ কৰা হয় বৃহৎ পৰিমানৰ মণিপুৰী গাঞ্জা। দেৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বসন্ত শইকীয়াৰ নেতৃত্বত চলা অভিযানত জব্দ কৰা হয় প্ৰায় ৯১৬ গ্ৰাম ওজনৰ মণিপুৰী গাঞ্জা ।
এক গোপন সূত্ৰৰ পম খেদি বাবুল দাস নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা জব্দ কৰে গাঞ্জা খিনি । ব্যক্তি জনৰ ঘৰৰ পৰা জব্দ কৰিছে এখন ইয়ন বাহন।ইতিমধ্যে ব্যক্তি জনক দেৰগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ