
গোলাঘাট, ১৩ অক্টোবৰ (হি.স.) : গোলাঘাট জিলাৰ আঠখেলীয়া বেবেজীয়াত যোৱা কালি সোমবাৰে নিশা বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ এজন লোকক গ্ৰেপ্তাৰ কৰা হয় ৷ ধৃত লোকজনৰ নাম হাৰিচ আলি বুলি জানিব পৰা গৈছে ৷
এক গোপন সূত্ৰ পমখেদি গোলাঘাট জিলা উপ-আৰক্ষী অধীক্ষক বৈশালী বাগচী আৰু ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৰেন চেতিয়াৰ নেতৃত্বত চলা অভিযানত হাৰিচ আলিৰ বাসগৃহৰ পৰা ১ কেঃজি ৪শ গ্ৰাম নিচাযুক্ত টেবলেট আৰক্ষীয়ে জব্দ কৰে ৷ উক্ত নিচাযুক্ত টেবলেট খিনি হৰলিক্সৰ বটল আৰু আটা পেকেটত চীল কৰি লুকুৱাই ৰখা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ