
যোৰহাট, ১৪ অক্টোবৰ (হি.স.): যোৰহাটৰ তিতাবৰ আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা । সুদীৰ্ঘ চাৰি বছৰ ধৰি পলাতক হৈ থকা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী শংকৰ শইকীয়াক অৱশেষত যোৱা কালি মঙলবাৰে সন্ধিয়া আটক কৰিবলৈ সক্ষম হ’ল তিতাবৰ আৰক্ষীয়ে।
তিতাবৰ মাধপুৰত ৰাইজৰ সহযোগত অভিযান চলাই আৰক্ষীয়ে আটক কৰে শংকৰ শইকীয়াক । দীৰ্ঘদিন ধৰি তিতাবৰ অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ধৃত শংকৰে । ধৃত শংকৰৰ পৰা আৰক্ষীয়ে ১০ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু এএছ ০৩ এএল ৭৫৯৭ নম্বৰৰ এখন কেটিএম মটৰ চাইকেল জব্দ কৰিছে । বৰ্তমান ধৃত সৰবৰাহকাৰীজনক তিতাবৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ