
ধুবুৰী, ১৮ অক্টোবৰ (হি.স.): দূৰ্গা পূজাৰ মাজতে অসম বংগ সীমান্তৰ ছাগলীয়াত বিলাসী বাহনৰ সৈতে তিনিটাকৈ চোৰাং গৰু উদ্ধাৰ কৰা হৈছে । যোৱা কালি শনিবাৰে নিশা পশ্চিম বংগৰ পৰা ধুবুৰী অভিমুখে চোৰাং গৰু ভৰ্তি বাহন এখন যোৱাৰ সময়ত পোকালাগি দ্বিতীয় খণ্ডত ৰাইজে বাহন খন ৰখায় ।
গাঁৱৰ ভিতৰুৱা পথেৰে তীব্ৰ বেগত বাহনখন চলাই নিয়াৰ ফলত বাহনখনৰ ওপৰত সন্দেহ হয় স্থানীয় ৰাইজৰ। ৰাইজে বাহন খন ৰখাই তালাচী চলোৱাত তিনিটাকৈ চোৰাং গৰু দেখি ছাগলীয়া আৰক্ষীক খৱৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ চালক ৰূপী চোৰাং গৰু ভৰ্তি বাহন সহ সৰবৰাহকাৰীক আটক কৰি থানালৈ নিয়ে । ধৃত সৰবৰাহকাৰী জন গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মধুশৈলমাৰী প্ৰথম খণ্ড গাঁৱৰ সহিদুৰ ৰহমান বুলি জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ