
নলবাৰী, ১৮ অক্টোবৰ (হি.স.): ৰাজ্য়ত অব্য়াহত আছে নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ। ইয়াৰ মাজতে নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত আদাবাৰী পহৰা চকীৰ আৰক্ষীয়ে গাঞ্জাৰ বিৰুদ্ধে চলোৱা এক অভিযানত যোৱা কালি শনিবাৰে নিশা বৃহৎ সফলতা লাভ কৰিছে ।
আৰক্ষীৰ গোপন সূত্ৰৰ পম খেদি তাপা-সূতাৰকুছি অঞ্চলত গাঞ্জা বিৰোধী অভিযান চলোৱা হয় । এই অভিযানত গাঞ্জা ব্যৱসায়ী অখিল কলিতাৰ বাসগৃহৰ পৰা ৬.৫ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে অভিযুক্ত অখিল কলিতাক আটক কৰি জেৰা অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ