
গোলাঘাট, ২০ অক্টোবৰ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সাফল্য । এক গোপন সূত্ৰৰ পম খেদি নিশা আৰক্ষীয়ে নিজ বাসগৃহৰ পৰা মাৰণাস্ত্ৰ সহ আটক কৰে এজন যুৱকক । অষ্টমীৰ নিশা আনন্দ উল্লাহৰ মাজতে এটা পিষ্টল আৰু গুলি সহ আটক কৰে যুৱক জনক । উদ্ধাৰ কৰে ৩ টাকৈ সজীৱ গুলী আৰু এটা খালি কাৰট্ৰিজ ।
যোৱাকালি সোমবাৰে নিশা দেৰগাঁও আৰক্ষীয়ে দেৰগাঁৱৰ বাতিপৰিয়াৰ নিজ বাসগৃহৰ পৰা আটক কৰে দৃষ্টান্ত ফুকন নামৰ ১৮ বছৰীয়া যুৱক জনক। যুৱক জনৰ ভাষ্যৰ মতে বিহাৰৰ পৰা বিক্ৰীৰ বাবে ২০,০০০/- টকাত ক্ৰয় কৰি আনিছিল পিষ্টলটো । অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছতহে সঠিক তথ্য পোহৰলৈ আহিব। সম্প্ৰতি দেৰগাঁও থানাৰ আলহী যুৱকজন ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ