বিলাসীপাৰাৰ ৰানীগঞ্জত নিজ পত্নীক ছুৰীৰে হানি খুচি হত্যাৰ চেষ্টা পাষণ্ড স্বামীৰ
বিলাসীপাৰাৰ ৰানীগঞ্জত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।
বিলাসীপাৰাৰ ৰানীগঞ্জত নিজ পত্নীক ছুৰীৰে হানি খুচি হত্যাৰ চেষ্টা পাষণ্ড স্বামীৰ


ধুবুৰী, ০৯ জানুৱাৰী (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ৰানীগঞ্জত যোৱা কালি বৃহস্পতিবাৰে বিয়লি সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নিজ পত্নীক ছুৰীৰে হানি খুচি হত্যাৰ চেষ্টা চলায় পাষণ্ড স্বামীয়ে। যৌতুকৰ বাবেই নুৰ আখিদা ইয়াছমিন নামৰ বোৱাৰী গৰাকীক হত্যা চেষ্টাচলোৱাৰ অভিযোগ উঠিছে স্বামীৰ পৰিয়ালৰ লোকে । ৰানীগঞ্জৰ সোনালুগুৰী গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

জানিব পৰামতে, তিনি বছৰ পূৰ্বে গাওঁ খনৰ আঁজাহাৰ উদ্দিনৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল নুৰ আখিদা ইয়াছমিন । বিবাহৰ পাছৰ পৰাই যৌতুক বিচাৰি নিৰ্মম অত্যাচাৰ চলাই গৈছিল স্বামীৰ পৰিয়ালে । স্বামীৰ ঘৰত মাতৃ ৰবেদা বেগম, পিতৃ ইড্ৰিছ আলী আৰু আজাহাৰ উদ্দিনে মিলি নুৰ আখিদা ইয়াছমিনক হানি খুচি হত্যাৰ চেষ্টা কৰোতেই ঘৰৰ পৰা কনো মতে পলাই আহি নিজৰ প্ৰাণ বচাবলৈ সক্ষম হয়। ভুক্তভোগী মহিলাই ৰানীগঞ্জ থানাত স্বামী আজাহাৰ উদ্দিন, ৰবেদা বেগম, ইড্ৰিছ আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল। এজাহাৰ কৰাৰ পিছতো এতিয়ালৈকে কোনো এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হোৱা নাই ৰাণীগঞ্জ আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande