তেজপুৰ সাহিত্য সভাৰ উদ্যোগত পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ ১৫৪ সংখ্যক জন্ম দিৱস উদযাপন
-পণ্ডিত হেমচন্দ্ৰ গোস্বামী : জীৱন আৰু সাধনা শীৰ্ষক বিষয়ত মনোজ্ঞ ভাষণ -আত্মবিস্মৃত অসমীয়া জাতিক সঞ্জীৱিত কৰি তোলা আধুনিক কালৰ পুৰোধা সাহিত্যিক সকলৰ অন্যতম আছিল পণ্ডিত হেমচন্দ্ৰ গোস্বামী -শান্তনু বৰুৱা -বিশিষ্ট লেখক নবীন চন্দ্ৰ লহকৰৰ নৱতম গ্ৰন
বিশিষ্ট লেখক নবীন চন্দ্ৰ লহকৰৰ নৱতম গ্ৰন্থ বৰেণ্য ব্যক্তি :কৰ্মৰাজি চিন্তাধাৰা শীৰ্ষক গ্ৰন্থ উন্মোচন


-পণ্ডিত হেমচন্দ্ৰ গোস্বামী : জীৱন আৰু সাধনা শীৰ্ষক বিষয়ত মনোজ্ঞ ভাষণ -আত্মবিস্মৃত অসমীয়া জাতিক সঞ্জীৱিত কৰি তোলা আধুনিক কালৰ পুৰোধা সাহিত্যিক সকলৰ অন্যতম আছিল পণ্ডিত হেমচন্দ্ৰ গোস্বামী -শান্তনু বৰুৱা

-বিশিষ্ট লেখক নবীন চন্দ্ৰ লহকৰৰ নৱতম গ্ৰন্থ বৰেণ্য ব্যক্তি : কৰ্মৰাজি চিন্তাধাৰা শীৰ্ষক গ্ৰন্থ উন্মোচন -পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ জন্ম দিৱস উদযাপন কৰি তেজপুৰ সাহিত্য সভাই এক গুৰুত্বপূৰ্ণ কাম সমাধা কৰিলে -ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্য্য -হেমকোষ উদ্ধাৰত অগ্ৰনী ভূমিকা গ্ৰহণ কৰিছিল হেমচন্দ্ৰ গোস্বামীয়ে -ড০ ভুবনেশ্বৰ চহৰীয়া -প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীয়েও স্মৃতিচাৰণ কৰিলে হেমচন্দ্ৰ গোস্বামীৰ

শোণিতপুৰ, ০৯ জানুৱাৰী (হি.স.)। তেজপুৰৰ ঐতিহ্যমণ্ডিত তেজপুৰ সাহিত্য সভা ভৱনত তেজপুৰ সাহিত্য সভাৰ উদ্যোগত তেজপুৰ সাহিত্য সভাৰ নিয়মীয়া অনুষ্ঠান উত্তম চন্দ্ৰ চেতিয়া আৰু পূণ্যপ্ৰভা চেতিয়া স্মাৰক বক্তৃতানুষ্ঠানৰ সৈতে সংগতি ৰাখি পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ জন্ম দিৱসৰ শ্ৰদ্ধাৰ্ঘ্য শীৰ্ষক এক বিশেষ গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠান সম্পন্ন হয়। উক্ত বক্তৃতানুষ্ঠানত 'পণ্ডিত হেমচন্দ্ৰ গোস্বামীঃ জীৱন আৰু সাধনা' শীৰ্ষক বিষয়ত নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকি বিশিষ্ট লেখক তথা তেজপুৰৰ অ. ভা.উ.সা. সভাৰ সভাপতি শান্তনু বৰুৱাই বক্তব্য প্ৰদান কৰি কয় আত্মবিস্মৃত অসমীয়া জাতিক সঞ্জীৱিত কৰি তোলা আধুনিক কালৰ পুৰোধা সাহিত্যিকসকলৰ অন্যতম আছিল পণ্ডিত হেমচন্দ্ৰ গোস্বামী। অসমীয়া ভাষা-সাহিত্যক মৰ্য্যদাসম্পন্ন স্থানত উপনীত কৰাৰ নিৰন্তৰ প্ৰয়াসত ব্ৰতী হৈ জীৱন পাত কৰা হেমচন্দ্ৰ গোস্বামীৰ অসমীয়া সাহিত্যক পাঁচটা যুগত বিভক্ত কৰি ৰচনা কৰা সাঁতটা খণ্ডৰ অসমীয়া সাহিত্যৰ চানেকী অবিহনে কলিকতা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ খোলাতো আকাশ কুসুম কথা হ'লহেঁতেন। অসমীয়া বুৰঞ্জী সাহিত্যৰ খনিকৰ, পুৰাতত্ববিদ হেমচন্দ্ৰ গোস্বামী অবিহনে পদ্মনাথ গোহাঞি বৰুৱাই সাহিত্যিক পেন্সন লাভ কৰাতো সম্ভৱপৰ নহ'লহেঁতেন বুলি বৰুৱাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।বিহু নাচ-গানক নিজস্ব স্থানত প্ৰতিষ্ঠা কৰোতাসকলৰ অন্যতম পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে মহাত্মা গান্ধীক তেওঁৰ অসম সম্বন্ধে থকা বিৰূপ মনোভাৱ সলনি কৰি হৰিজন কাকতত 'লাভলি আসাম' শীৰ্ষক প্ৰবন্ধ লিখিবলৈ বাধ্য কৰোতা একমাত্ৰ অসমীয়া গৰাকী আছিল পণ্ডিত হেমচন্দ্ৰ গোস্বামী বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তেজপুৰ সাহিত্য সভাৰ সম্পাদক ড°পল্লৱ ভট্টাচাৰ্য্যই আঁত ধৰা আৰু সভাপতি ধ্ৰুৱজ্যোতি দাসৰ পৌৰহিত্যত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বক্ততানুষ্ঠানত বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত শিক্ষক নবীন চন্দ্ৰ লহকৰৰ নৱতম গ্ৰন্থ 'বৰেণ্য ব্যক্তিঃ কৰ্মৰাজি চিন্তাধাৰা'ৰ শুভ উন্মোচন কৰে প্ৰথিতযশা সাহিত্যিক,বিশিষ্ট পুৰাতত্ববিদ ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্য্যই। উন্মোচনী ভাষণত ড০ ভট্টাচাৰ্য্যই পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ জন্ম দিৱস উদযাপন কৰি তেজপুৰ সাহিত্য সভাই এক গুৰুত্বপূৰ্ণ কাম সমাধা কৰিলে বুলি মন্তব্য কৰি নবীন চন্দ্ৰ লহকৰৰ নৱতম গ্ৰন্থখন অসমীয়া জীৱনী সাহিত্যৰ এক উল্লেখযোগ্য সংযোজন বুলি কয়।

অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে আসন অলঙ্কৃত কৰি বিশিষ্ট শিক্ষাবিদ, তেজপুৰৰ তৰুণ অসম সংঘৰ সভাপতি ড° ভুবনেশ্বৰ চহৰীয়াই হেমকোষ উদ্ধাৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ আসমীয়া ভাষ-সাহিত্যলৈ আগবঢ়োৱা অসামান্য অবদান কালে মচিব নোৱাৰা বুলি মন্তব্য কৰি নৱতম গ্ৰন্থৰ ৰচয়িতা নবীন চন্দ্ৰ লহকৰৰ সজ প্ৰচেষ্টাক শলাগ জনায়। সভাত আমন্ত্ৰিত অতিথি ৰূপে আসীন হোৱা প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীয়ে শুভেচ্ছামূলক বক্তব্য আগবঢ়াই তেজপুৰ সাহিত্য সভাৰ গঠনমূলক কাৰ্যসূচীৰ শলাগ লৈ পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ স্মৃতিচাৰণ কৰে।

ইয়াৰ পূৰ্বে সভাৰ আৰম্ভণিতে সদ্য প্ৰয়াত আন্তৰাষ্ট্ৰীয় খ্যতিমন্ত আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ বিদেহ আত্মাৰ সদ্গতি অৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায় উপস্থিত জেজপুৰৰ বিদ্বৎ সমাজে। পণ্ডিত হেমচন্দ্ৰ গোস্বামী, উত্তম চন্দ্ৰ চেতিয়া, পূণ্যপ্ৰভা চেতিয়া আৰু নলিনী বৰুৱাৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্ঝলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাসে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande