নুমলীগড়ত এটা বনৰীয়া হাতীৰ যন্ত্ৰণা
অৱশ শৰীৰ চিকিৎসাৰ বাবে এৰি দিছে।
নুমলীগড়ত এটা বনৰীয়া হাতীৰ যন্ত্ৰণা


ঘৰচীয়া জন্তুৰ দৰেই বনৰীয়া হাতীক চিকিৎসা

চিকিৎসাৰ শেষত বাট লৈছে বনাঞ্চললৈ।

গোলাঘাট, ১০ জানুৱাৰী (হি.স.): গোলাঘাট জিলাৰ নুমলীগড়ৰ কাষৰীয়া কাৰ্বি আংলঙৰ দেইথৰত যন্ত্ৰণাত ককবকাই থকা এটি বনৰীয়া হাতীক ঘৰচীয়া জন্তুৰ দৰেই চিকিৎসা কৰা হয়। অৱশ শৰীৰ চিকিৎসাৰ বাবে এৰি দিছে বনৰীয়া হাতীটোৱে।

উল্লেখ্য় যে লৱনঘাটৰ ৩৯নং ৰাষ্টীয় ঘাইপথৰ পৰা দেইথৰৰ দিশে বাটে বাটে খোজখাঢ়ি ঘুৰি ফুৰা এই হাতীটো যোৱা কালি বিয়লিৰ ভাগত দেইথৰৰ এজন লোকৰ চোতাল পাই ৰৈ দিয়ে । অতি অৱশ হৈ থকা হাতীটোৰ কথা বন বিভাগক খবৰ দিয়াত ৰেচকিউ টিমসহ পশু চিকিৎসক আহি হাতীটোৰ চিকিৎসা কৰে। ট্ৰেংকুলাইজ নকৰাকৈ চিকিৎসা কৰে চিকিৎসকে। অৱশ হৈ পৰা হাতীটোৱে চেলাইন লোৱাৰ পিচত গাঁৱৰ পথেৰে প্ৰায় দুই কিলোমিটাৰ যোৱাৰ পিচত লৱনঘাটৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ নুমলীগড়ৰ দেওপাহাৰ বনাঞ্চলত আশ্ৰয় লয়। সম্প্ৰতি বনৰীয়া হাতীয়ে তীব্ৰ খাদ্যৰ সংকটত পৰিছে। যাৰ ফলত দুৰ্বল হৈ পৰিছে বন্যহস্তীটো।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande