
জয়মতী, মূলাগাভৰুৰ দেশৰ জীয়ৰী আমাৰ মহিলাসকলে দৃঢ়তাৰে সংকল্প ল'লে লাখপতি বাইদেউ হোৱাৰ লক্ষ্যত উপনীত হোৱাৰ পৰা তেওঁলোকক কোনেও বিচ্যুত কৰিব নোৱাৰে : মুখ্যমন্ত্ৰী
পৰম্পৰাগতভাৱেই শিল্প-উদ্যোগত জড়িত হাজো-শুৱালকুছিৰ মহিলাসকলে ইচ্ছা কৰিলে ৰাজ্যৰ আন সকলো সমষ্টিৰ মহিলাতকৈ আগেয়েইে লাখপতি বাইদেউ হ'ব পাৰে : মুখ্যমন্ত্রী
বিভিন্ন জনকল্যাণমূলক আঁচনিৰ যোগেদি আমি সৰ্বসাধাৰণৰ দৈনন্দিন জীৱনযাত্ৰা সহজ কৰি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ : মুখ্যমন্ত্ৰী
গুৱাহাটী, ১০ জানুৱাৰী (হি.স.)। নাৰী সবলীকৰণৰ উদ্দেশ্যে ৰূপায়িত ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ হাজো-শুৱালকুছি বিধানসভা সমষ্টিৰ ৩১,১৯০ গৰাকী উদ্যমী মহিলালৈ ১০ হাজাৰ টকাকৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। ইয়াকে ধৰি আঁচনিখনৰ জৰিয়তে এতিয়ালৈ ৰাজ্যৰ ৭৪ টা বিধানসভা সমষ্টিৰ ১৭,৯৫,৮২০ গৰাকী মহিলাৰ মাজত উদ্যমিতা পুঁজি বিতৰণ কৰা হ'ল ৷
এই উপলক্ষে শুৱালকুছি বালিচৰৰ শ্ৰীশ্ৰীমাধৱদেৱ ক্ষেত্ৰত আয়োজিত এক বিশাল জনসভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে মহিলাসকলৰ সন্মান বৃদ্ধিৰ লগতে তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা এই অভিলাষী আঁচনিৰ অধীনত ৰাজ্যৰ বত্ৰিছ লাখ মহিলাই দহ হাজাৰ টকাকৈ সৰ্বমুঠ ৩,২০০ কোটি টকা লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ মহিলাসকলৰ উন্নয়নৰ বাবে পূৰ্বে কোনো চৰকাৰে ইমান বৃহৎ ধনৰাশিৰ পুঁজি বিনিয়োগ কৰা নাছিল। সেয়ে আজি শদিয়াৰ পৰা ধুবুৰীলৈ, জোনাইৰ পৰা শিলচৰলৈ ৰাজ্যজুৰি মহিলাসকলৰ মাজত এক উৎসাহ-উদ্দীপনামূলক পৰিৱেশৰ সৃষ্টি হৈছে বুলি তেওঁ মন্তব্য কৰে। এই আঁচনি মহিলাসকলৰ প্ৰতি চৰকাৰৰ এক সন্মানৰ প্ৰতীক বুলি উল্লেখ কৰি তেওঁ কয় যে নাৰীসকলৰ আৰ্থিক সবলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনি আৰু নাৰী শিক্ষাৰ প্ৰসাৰৰ বাবে হাতত লোৱা নিযুত মইনা আঁচনিয়ে ৰাজ্যৰ আৰ্থ-সামাজিক দিশত বৈপ্লৱিক পৰিৱৰ্তন আনিছে। তেওঁ কয় যে মাথোঁ নাৰীশক্তিক সামৰি লোৱা এই তিনিখন আঁচনিৰ যোগেদি এই এটা বছৰতে ৰাজ্যৰ মহিলা-ছাত্ৰীসকলে প্রায় ৯০০০ কোটি টকা নিজৰ একাউণ্টত লাভ কৰিব । তেওঁ কয় যে হাজো-শুৱালকুছি সমষ্টিত অৰুণোদয় আঁচনিৰ জৰিয়তে ২৮,৯৪৬ গৰাকী হিতাধিকাৰী উপকৃত হৈছে আৰু অতিৰিক্ত দুহেজাৰগৰাকী হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্তিৰ কাম চলি আছে। আজি মহিলাসকলে উদ্যমিতা পুঁজিৰ দহ হাজাৰ টকা লাভ কৰাৰ পাছত অহা ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে অৰুণোদয়ৰ হিতাধিকাৰী মহিলাসকলে পুনৰ আঠ হাজাৰ টকাকৈ লাভ কৰিব। তেওঁ কয় যে অসমৰ মহিলাসকলে ইমান সুবিধা আৰু ইমান সন্মান ইয়াৰ পূৰ্বে কেতিয়াও লাভ কৰা নাছিল ৷
মহিলা উদ্যমিতা অভিযানৰ ৩২ লাখ হিতাধিকাৰীৰ ভিতৰৰ ৮ লক্ষাধিক মহিলাই নিজৰ কঠোৰ পৰিশ্ৰমেৰে ইতিমধ্যে লাখপতি বাইদেউ হিচাপে পৰিগণিত হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নৱগঠিত হাজো-শুৱালকুছি সমষ্টিতো ২,১৬৫ গৰাকী মহিলাই ইতিমধ্যে লাখপতি বাইদেউৰ মৰ্যাদা লাভ কৰিছে। মুখ্যমন্ত্ৰীয়ে হাজো-শুৱালকুছি সমষ্টিৰ কেইবাগৰাকীও লাখপতি বাইদেউৰ উদাহৰণো দাঙি ধৰে । তেওঁ কয় যে বাথান গাঁৱৰ সেউজী আত্মসহায়ক গোটৰ সদস্যা ডালিমী দাসে পৰম্পৰাগত হস্ততাঁত খণ্ডত আত্মনিয়োগ কৰি পৰিয়ালৰ কুশল ছিল্ক ফেক্টৰীৰ সম্প্ৰসাৰণ ঘটাই পৰম্পৰাগত পাট আৰু মুগা আৰু টছৰ মেখেলা-চাদৰ উৎপাদন কৰি মাহে প্রায় ৩০ হাজাৰ টকাকৈ বার্ষিক প্রায় ৩.৬০ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। একেদৰে নিজ গন্ধমৌ গাঁৱৰ নৱমিলন আত্মসহায়ক গোটৰ সদস্যা উত্তৰা বৈশ্যই সংহত কৃষিকৰ্ম আৰু পশুপালনেৰে মাহে প্ৰায় ১৫ হাজাৰ টকাকৈ বাৰ্ষিক ১.৮২ লাখতকৈ অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ৷
তেওঁ লগতে কয় যে নিজ গন্ধমৌ গাঁৱৰ আমিনা বেগম আৰু নাজুমা আৰা বেগম, পূব দদৰা গাঁৱৰ কল্পনা দাস আৰু বিনিতা দাস, ১ নং শ্রীহাটী গাঁৱৰ জয়শ্ৰী দাস আৰু পাৰমিতা কুমাৰী, বাথানপাম গাঁৱৰ যুগমায়া কলিতা, গীতা বৈশ্য আৰু মিনু কলিতা, বাথান গাঁৱৰ হিৰণ দাস, পল্লৱী দাস, গৌতমী মেধি, অৰ্চনা নাথ, বিভা নাথ, বিচিত্রা নাথ, মাইনা ভৰালী, কুচুম দাস, চম্পা কুমাৰী নাথ আৰু প্ৰমীলা নাথ, ১ নং ডালিবাৰী গাঁৱৰ ৰুমী পাটোৱাৰী মেধি আদি মহিলাই উদ্যমিতাৰ পথেৰে আগুৱাই বছৰি আঢ়ৈ লাখ টকাতকৈ অধিক ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এওঁলোক আমাৰ সমাজৰে পৰিচিত মহিলা বুলি মন্তব্য কৰি এই সফল উদ্যমীসকলৰ উদাহৰণেৰে অনুপ্ৰাণিত হৈ উদ্যমিতাৰ ক্ষেত্ৰখনত হাতে-কামে নামি পৰিবলৈ তেওঁ সমষ্টিটোৰ আন মহিলাসকলক আহ্বান জনায়। মুখ্যমন্ত্রীয়ে কয় যে হাজো-শুৱালকুছি অঞ্চলৰ মহিলাসকল আগৰে পৰা কাম-কাজত অতি আগৰণুৱা আৰু তাঁত শিল্প, কাঁহ শিল্প, কৃষিকৰ্ম আদিৰ লগত পৰম্পৰাগতভাৱেই জড়িত। অঞ্চলটোৰ মহিলাসকলক অতি পৰিশ্ৰমী বুলি উল্লেখ কৰি তেওঁ কয় যে ইতিমধ্যেই পৰিয়ালৰ কিবা নহয় কিবা এটা শিল্পকৰ্মত জড়িত হৈ থকা এই মহিলাসকলে ইচ্ছা কৰিলে ৰাজ্যৰ আন সকলো সমষ্টিৰ মহিলাতকৈ আগেয়েইে লাখপতি বাইদেউ হ'ব পাৰে। মহিলা উদ্যমিতাৰ দৰে আঁচনিৰ যোগেদি ৰাজ্য চৰকাৰে,মহিলাসকললৈ আগবঢ়োৱা সুযোগৰ সদ্ব্যৱহাৰ কৰি লাখপতি বাইদেউ হোৱাৰ দিশত প্ৰচেষ্টা চলাবলৈ তেওঁ হাজো-শুৱালকুছিৰ মহিলাসকললৈ আহ্বান জনায় ৷
দহ হাজাৰ টকা প্ৰদান কৰাৰ উদ্দেশ্যে আয়োজিত আজিৰ সভাখন মাথোঁ আৰম্ভণিহে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মহিলাসকল লাখপতি বাইদেউ নোহোৱালৈকে চৰকাৰৰ এই পদক্ষেপ অব্যাহত থাকিব ৷ উদ্যমিতা আঁচনিখনৰ পুঁজিৰ ব্যৱহাৰৰ পদ্ধতিৰ বিষয়ে মহিলাসকলক অৱগত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে উদ্যমিতা পুঁজি হিচাপে লাভ কৰা ১০ হাজাৰ টকাৰ এই প্ৰথম কিস্তিৰ ধন যদি মহিলাসকলে নিজৰ আত্মসহায়ক গোটত জমা কৰে তেনেহ'লে ১ লাখ টকাৰ এটা পুঁজি গঠন হ'ব। এই পুঁজিৰে তেওঁলোকে সমূহীয়াভাৱে কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে বা নিজাববীয়াকৈও কোনো ব্যৱসায়ত বিনিয়োগ কৰিব পাৰে, নাইবা পৰিয়ালৰ পূৰ্বতে থকা ব্যৱসায়ৰ সম্প্ৰসাৰণৰ কামতো তেওঁলোকে এই পুঁজি ব্যৱহাৰ কৰিব পাৰিব। ছমাহমানৰ পাছত চৰকাৰে এই পুঁজিৰ ব্যৱহাৰৰ মূল্যায়ণ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে মহিলাসকলে প্ৰাৰম্ভিক পুঁজি হিচাপে লাভ কৰা এই ১০ হাজাৰ টকা সদ্ব্যৱহাৰ কৰিলে পৰৱৰ্তী পৰ্যায়ত ক্ৰমে ২৫ হাজাৰ টকা আৰু ৫০ হাজাৰ টকা লাভ কৰিব। উদ্যমী মহিলাসকলে এই পুঁজিৰ উপৰি বেংকৰ পৰাও ঋণ গ্রহণ কৰিব পাৰিব আৰু তাৰ বাবে চৰকাৰেও বেংকক অনুৰোধ জনাব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। উদ্যমী মহিলাসকলক মাজে- সময়ে চৰকাৰে প্ৰশিক্ষণ আদিও প্ৰদান কৰিব বুলি তেওঁ অৱগত কৰে ।
অৰুণোদয়, বিনামূলীয়া চাউল, ৰন্ধন গেছৰ ৰাজসাহায্য, শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তি, নিযুত মইনা আদিৰ দৰে বিভিন্ন জনকল্যাণমূলক আঁচনিৰ যোগেদি বৰ্তমানৰ ৰাজ্য চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ দৈনন্দিন জীৱনযাত্ৰা সহজ কৰি তোলাৰ বাবে পদক্ষেপ গ্রহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে দাইল, চেনি, আৰু নিমখ এই তিনিওবিধ সামগ্রী মাথো এশ টকাতে লাভ কৰাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে ভৱিষ্যতে এইখিনি সামগ্রীও বিনামূলীয়াকৈ প্ৰদানৰ বাবে চৰকাৰে প্ৰয়াস কৰিব। তেওঁ কয় যে নিযুত মইনা আঁচনিৰ আৰ্হিত অহা ১ ফেব্ৰুৱাৰীৰ পৰা ছাত্ৰসকলৰ শিক্ষাৰ খৰচৰ বাবেও চৰকাৰে মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি আৰম্ভ কৰিব। মহিলাসকলে যাতে ঘৰৰ চাৰিবেৰৰ বাহিৰলৈ ওলাই উপার্জনমূলক কাম-কাজত জড়িত হৈ পৰিয়ালৰ আয় বৃদ্ধিত সহায়ৰ হাত আগবঢ়াব পাৰে আৰু আত্মনিৰ্ভৰশীল হ'ব পাৰে, তাৰ বাবেই চৰকাৰৰ এই প্ৰয়াস বুলি তেওঁ মন্তব্য কৰে।
অসমৰ মহিলাই কাপোৰত সপোন ৰচিব জানে বুলি মহামানৱ মহাত্মা গান্ধীয়ে কৰা বিখ্যাত মন্তব্যৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে জয়মতী, মূলাগাভৰুৰ দেশৰ জীয়ৰী আমাৰ মহিলাসকলে দৃঢ়তাৰে সংকল্প ল'লে লাখপতি বাইদেউ হোৱাৰ লক্ষ্যত উপনীত হোৱাৰ পৰা তেওঁলোকক কোনেও বিচ্যুত কৰিব নোৱাৰে। মহিলাসকলে নেতৃত্ব লোৱা সমাজ সদায়েই আগবাঢ়ি যাবলৈ সক্ষম হয় বুলি মন্তব্য কৰি তেওঁ এখন শক্তিশালী সমাজ আৰু ৰূপান্তৰিত অসম গঢ়াৰ সংকল্পৰে মন বান্ধি উদ্যমিতাৰ পথেৰে আগুৱাই যাবলৈ ৰাজ্যৰ নাৰী সমাজৰ প্ৰতি পুনৰবাৰ আহ্বান জনায় ৷
আজিৰ এই সভাত ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, স্থানীয় বিধায়িকা সুমন হৰিপ্ৰিয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ আৰু জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ প্ৰমুখ্যে উচ্চপদস্থ বিষয়াবৰ্গ আৰু গণ্য মান্য ব্যক্তিসকল তথা আত্মসহায়ক গোটৰ হিতাধিকাৰী মহিলাসকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী