
ইম্ফল, ১০ জানুৱাৰী (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে বিগত ২৪ ঘণ্টাত এক সমন্বিত অভিযান তীব্ৰতৰ কৰি বৃহৎ পৰিসৰৰ অবৈধ আফিং খেতি ধ্বংস কৰাৰ লগতে নিষিদ্ধ সংগঠনৰ কেইবাজনো সক্ৰিয় কেডাৰ আৰু ধনদাবীক গ্ৰেপ্তাৰ কৰাৰ লগতে বিভিন্ন জিলাৰ পৰা অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ, বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে।
এই অভিযানত নিৰাপত্তা বাহিনী, বন বিভাগৰ বিষয়া আৰু এজন কাৰ্যবাহী দণ্ডাধীশৰ যৌথ দলে সেনাপতি জিলাৰ সেনাপতি থানা এলেকাৰ অন্তৰ্গত ঙাটন পাহাৰ ৰেঞ্জত প্ৰায় ৪০ একৰ অবৈধ আফিং খেতি ধ্বংস কৰে। এই অভিযানৰ সময়ত আফিং খেতিৰ বাবে ব্যৱহাৰ কৰা ১১টা অস্থায়ী জুপুৰি ভাঙি পেলোৱা হয়, লগতে সাৰ, নিমখ, জলসিঞ্চনৰ পাইপ, স্প্ৰে পাম্প, আৰু অন্যান্য সামগ্ৰীও ভাঙি পেলোৱা হয়।
উগ্ৰপন্থী আৰু ধন দাবীৰ কাৰ্যকলাপ ৰোধৰ বাবে চলি থকা অনুসন্ধান আৰু কম্বিং অভিযানৰ অংশ হিচাপে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
ইম্ফল পূৱ জিলাৰ য়ুমনাম পাটলন মামাং লেইকাই নিবাসী নিষিদ্ধ কেচিপি (নয়ন)ৰ কেডাৰ নণ্ডেইবাম ৰ’জেন মেইটেই (৩৬)ক কংপাল চিংগাংবাম লেইকাইৰ পৰা গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা উদ্ধাৰ হৈছে এটা মোবাইল ফোন। ইম্ফল পশ্চিম জিলাৰ উৰিপক ইয়াম্বেম লেইকাইৰ বাসিন্দা প্ৰেপাক (পি আৰ অ’)ৰ সদস্য তথা ধনদাবী থৌডাম নানাওবি ওৰফে ইছিংচাওবা ওৰফে নাওবিচা (৫০)ক লম্বোই খংনাংখং অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ পৰা এটা মোবাইল ফোনো জব্দ কৰা হৈছে।
তদুপৰি ইম্ফল পশ্চিম জিলাৰ থাংমেইবন্দ লৰুং পূৰেল লেইকাইৰ নিবাসী আৰ পি এফ/পি এল এৰ কেডাৰ ৱাহেংবাম বিমল মেইটেই ওৰফে লুৱাং ওৰফে মণি (২৬)ক লানফেল থানাৰ অধীনস্থ নগৰম অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা ‘গভৰ্ণমেণ্ট অৱ দ্য পিপলছ ৰি-পাব্লিক অৱ নাগালিম’ৰ নামত জাৰি কৰা দহখন কথিত দাবী পত্ৰ, তিনিটা মোবাইল ফোন, এখন পকেট ডায়েৰী, এখন আধাৰ কাৰ্ড, আৰু এখন বগা ৰঙৰ মাৰুতি আল্ট’ গাড়ী উদ্ধাৰ কৰা হৈছে।
বিভিন্ন স্থানৰ পৰাও বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হয়। থৌবাল জিলাৰ ইকপ পাট অঞ্চলৰ পৰা নিৰাপত্তা বাহিনীয়ে দুটা কাৰবাইন, এটা ইম্প্ৰভাইজড .৩০৩ ৰাইফল, দুটা ইম্প্ৰভাইজড চিংগল বল্ট-একচন ৰাইফল, এটা ৩৬ নং হাই এক্সপ্ল’ছিভ হেণ্ড গ্ৰেনেড, এটা ডিটনেটৰ, এটা ধোঁৱা গ্ৰেনেড, ১৪ ৰাউণ্ড বিভিন্ন কেলিবাৰৰ কাৰ্টিজ আৰু চাৰিটা মেগজিন উদ্ধাৰ কৰে।
ইম্ফল পূৱ জিলাৰ য়াইংগাংপকপি থানা এলেকাৰ অন্তৰ্গত নাটুম চিং আৰু চানাছাবিৰ পাহাৰৰ পৰা জব্দ কৰিছে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে এটা একক বেৰেল ৰাইফল, এটা মেগজিন নথকা এটা দেশত নিৰ্মিত এ কে ৰাইফল, এটা বল্ট-একচন ৰাইফল, এটা ৩৬ নং হেণ্ড গ্ৰেনেড, তিনিটা মিলিটাৰী হেলমেট, এটা প্লেটযুক্ত বুলেটপ্ৰুফ জেকেট, ৮১ মিমি আৰু ৫১ মিমি ইম্প্ৰভাইজড লাইট গ্ৰেনেড (পেৰা বোমা), বিভিন্ন অস্ত্ৰৰ পৰা ২০টা লাইভ কাৰ্টিজ, আৰু দুটা টিউব লঞ্চাৰ।
ইফালে, মণিপুৰ আৰক্ষীয়ে কাকচিং জিলাৰ কাকচিং থানাৰ অন্তৰ্গত ছ’ৰা চিংৱাংবা অঞ্চলত অবৈধ সুৰা সৰবৰাহ কৰি থকা দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। ইম্ফল পূৱ জিলাৰ লুৱাংছাংবাম মাখা লেইকাইৰ বাসিন্দা নোংথোম্বম কিষাণ সিং (২৫) আৰু বিমোল সিং নংথোম্বম (৩০) বুলি জানিব পৰা গৈছে। ইয়াৰ পৰা ১০০৮টা বিয়েৰৰ কেন আৰু এখন মাৰুতি জিপ্সী বাহন উদ্ধাৰ কৰে।
আন এক অভিযানত চুৰাচান্দপুৰ জিলাৰ চুৰাচান্দপুৰ থানাৰ অন্তৰ্গত থাংজিঙৰ পাদদেশৰ পৰা বিস্ফোৰক আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হয়। ইয়াৰ ভিতৰত স্থানীয়ভাৱে উৎপাদিত বিস্ফোৰক ভৰ্তি ৰকেট, প্ৰায় চাৰি কিলোগ্ৰাম ওজনৰ পাঁচটা ইম্প্ৰভাইজড বিস্ফোৰক যন্ত্ৰ, তিনিটা পম্পম শ্বেল (তিনি কিলোগ্ৰামকৈ), ২৩টা একক বেৰেলৰ গুলী আৰু দুটা খালী কাৰ্টিজ আদি।
নিৰাপত্তা সংস্থাসমূহে জনোৱা মতে, মণিপুৰৰ স্বাভাৱিকতা ঘূৰাই অনা আৰু আইন-শৃংখলা শক্তিশালী কৰাৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যজুৰি উগ্ৰপন্থী নেটৱৰ্ক ভাঙি পেলোৱা, ধন দাবী ৰোধ কৰা, আৰু অবৈধ কাৰ্যকলাপ ৰোধৰ বাবে ব্যাপক ঘেৰাও, অনুসন্ধান, আৰু কম্বিং অভিযান অব্যাহত আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ