অসমতো প্ৰদেশ কংগ্ৰেছৰ ‘‘মনৰেগা বচাও আন্দোলন’’ আৰম্ভ
গুৱাহাটী, ১০ জানুৱাৰী (হি.স.)। অসমতো প্ৰদেশ কংগ্ৰেছৰ ‘‘মনৰেগা বচাও আন্দোলন’’ আৰম্ভ কৰা হৈছে। জাতিৰ পিতা মহাত্মা গান্ধীৰ নামেৰে থকা এমজিএনৰেগা আইনখন সংশোধন কৰি মোদী নেতৃত্বাধীন এনডিএ চৰকাৰে ভিবি-জি ৰাম জি নামেৰে নতুন আইন প্ৰণয়ন কৰা কাৰ্যৰ বিৰুদ্ধে স
অসমতো প্ৰদেশ কংগ্ৰেছৰ ‘‘মনৰেগা বচাও আন্দোলন’’ আৰম্ভ


গুৱাহাটী, ১০ জানুৱাৰী (হি.স.)। অসমতো প্ৰদেশ কংগ্ৰেছৰ ‘‘মনৰেগা বচাও আন্দোলন’’ আৰম্ভ কৰা হৈছে। জাতিৰ পিতা মহাত্মা গান্ধীৰ নামেৰে থকা এমজিএনৰেগা আইনখন সংশোধন কৰি মোদী নেতৃত্বাধীন এনডিএ চৰকাৰে ভিবি-জি ৰাম জি নামেৰে নতুন আইন প্ৰণয়ন কৰা কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে অসমতো আজিৰে পৰা কংগ্ৰেছ দলে ''মনৰেগা বচাও আন্দোলন’’ আৰম্ভ কৰিছে। আন্দোলনৰ অংশস্বৰূপে আজি প্ৰথম দিনা কামৰূপ মহানগৰ, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, দৰং, হাইলাকান্দি, বাক্সাসহ অসমৰ প্ৰতিখন জিলা সদৰত সংবাদমেলৰ জৰিয়তে বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিসমূহ কংগ্ৰেছ নেতৃত্বই উদঙাই দিয়ে।

এই সংবাদমেলত জিলা সভাপতিসকলৰ লগতে শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰে। কামৰূপ মহানগৰ জিলাৰ সদৰ গুৱাহাটীত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি স্বপন দাসৰ হৈ সংবাদ মেল সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ জ‍্যেষ্ঠ মুখপাত্ৰ কুশল শৰ্মা, ৰূপক দাস আৰু মুখপাত্ৰ অনিতা দেৱীয়ে। আনহাতে শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি কাৰ্তিক কুৰ্মীয়ে জিলা সদৰ তেজপুৰত আয়োজন কৰা সংবাদমেলত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই। তেওঁলোকে কয় যে প্ৰতিখন সদৰতে আয়োজিত সংবাদমেলত কংগ্ৰেছ নেতাসকলে এই আইনখনৰ জৰিয়তে বিজেপি চৰকাৰে কিদৰে শ্ৰমিকসকলক স্ব-নিৰ্ভৰশীল কৰি তোলাৰ পৰিৱৰ্তে হিতাধিকাৰী সজাবলৈহে উঠি-পৰি লাগিছে সেয়া সৰল ভাষাৰে বৰ্ণনা কৰে।

এমজিএনৰেগা আইনৰ পৰা মহাত্মা গান্ধীৰ নাম আঁতৰোৱা কাৰ্যৰ জৰিয়তে নাথুৰাম গডছেৰ পিছত জাতিৰ পিতা মহাত্মা গান্ধীক বিজেপি চৰকাৰখনে যে পুনৰ দ্বিতীয়বাৰৰ বাবে হত্যা কৰিবলৈ ওলাইছে সেয়াও সংবাদমেলত উল্লেখ কৰে কংগ্ৰেছ নেতাসকলে। সংবাদমেলত কংগ্ৰেছ নেতৃবৃন্দই সদৰী কৰা অনুসৰি ভিবি-জি ৰাম জি প্ৰত্যাহাৰ কৰি পুনৰ এমজিএনৰেগা বলৱৎ নকৰা পৰ্যন্ত সমগ্ৰ দেশতে কংগ্ৰেছে প্ৰতিবাদ অব্যাহত ৰাখিব। উল্লেখ্য যে সমগ্ৰ দেশত ২ অক্টোবৰ পৰ্যন্ত এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব। অসমতো এমজি-এনৰেগা আইন পুনৰ বলৱৎ কৰাৰ বাবে সংবাদমেলৰ যোগেদি প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে৷ সেই অনুসৰি অহা ১২ জানুৱাৰীত উন্নয়ন খণ্ডসমূহৰ কাৰ্যালয়ত ধৰ্ণা, ১৭ জানুৱাৰীত পঞ্চায়তে পঞ্চায়তে ৰাইজক সজাগ কৰাৰ লগতে প্ৰচাৰ পত্ৰ আৰু পোষ্টাৰ বিতৰণ কাৰ্যসূচী আৰু অহা ৩০ জানুৱাৰীত শ্বহীদ দিৱস অৰ্থাৎ মহাত্মা গান্ধীৰ ময়াপ্ৰয়াণৰ দিনটোত সমগ্ৰ অসমতে দিনযোৰা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande