
গুৱাহাটী, ১০ জানুৱাৰী (হি.স.)। নিকা প্ৰশাসন, সেৱাত সততা আৰু স্বচ্ছ তথা মেধাভিত্তিক নিযুক্তিৰ জৰিয়তে আগুৱাই যোৱাৰ চৰকাৰী প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰতিপন্ন কৰি মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই আজি সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আয়োজিত এক অনুষ্ঠানত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ জৰিয়তে নিৰ্বাচিত তৃতীয় বৰ্গৰ পদৰ ৬,৩৪৭ গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান কৰে। উল্লেখ্য যে এই নিযুক্তিৰ লগে লগে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ অধীনত মুঠ চৰকাৰী নিযুক্তিৰ সংখ্যাই ১,৫৬,৬৭৯ৰ ঘৰ স্পৰ্শ কৰিলে।
অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে মেধাৰ ভিত্তিত নিকা আৰু স্বচ্ছভাবে চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্রুতি অধিকসুদৃঢ় কৰাৰ উদ্দেশ্যে অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাৰ ৰূপত এক ব্যৱস্থা প্ৰৱর্তন কৰিছে। এই ব্যৱস্থাৰ জৰিয়তে চৰকাৰৰ স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তিৰ পৰিসংখ্যাই ১.৫৬ লাখৰ ঘৰ অতিক্ৰম কৰিছে। লগতে অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাৰ অধীনত নির্বাচিত বাকী থকা প্রার্থীসকলৰ নিযুক্তি প্রক্রিয়া অহা ১০ ফেব্ৰুৱাৰীৰ পূৰ্বে সম্পূৰ্ণ কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে সমগ্র নিযুক্তি প্রক্রিয়াটো স্বচ্ছ আৰু আইনী জটমুক্ত হৈ আছে তথা উচ্চন্যায়ালয়ত ইয়াৰ বিৰুদ্ধে কোনো গোচৰ তৰা হোৱা নাই। তেওঁ লগতে কয় যে অসমৰ এই মেধাভিত্তিক নিযুক্তিৰ আৰ্হি এতিয়া ভাৰতৰ অন্যান্য ৰাজ্যই অধ্যয়ন কৰি আছে।
এই অনুষ্ঠানতে ড° শর্মাই উল্লেখ কৰে যে যোৱা ২০২৩ চনৰ ১০ মে'ত অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাৰ জৰিয়তে ২৪,৭৮৭ গৰাকী প্রার্থীক নিৰ্বাচনকৰা হৈছিল,যাৰ ভিতৰত ১১,০৮৪ গৰাকীক তৃতীয় বৰ্গৰ আৰু ১৩,৭৩৯ গৰাকীক চতুর্থ বৰ্গৰ পদত নিযুক্তি দিয়া হৈছিল। দ্বিতীয় পর্যায়ত অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাৰ জৰিয়তে ৫০টা চৰকাৰী বিভাগৰ বাবে ছয় সহস্রাধিক প্রার্থীক নির্বাচন কৰা হয় আৰু নথিপত্ৰ পৰীক্ষাৰ অন্তত ৬,৩৪৭ গৰাকী তৃতীয় বৰ্গৰ প্রার্থীক চৰকাৰী নিযুক্তিৰ বাবে যোগ্য বুলি বিবেচিত কৰা হয়। মুঠ প্রার্থীৰ ভিতৰত সৰ্বাধিক ১,৭৬৪ গৰাকীক কৃষি বিভাগত, তাৰ পাছতে ৭৭২ গৰাকীক পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত, ৪৬০ গৰাকীক বিদ্যালয় শিক্ষা বিভাগত আৰু ৪৩৩ গৰাকীক সাধাৰণ প্রশাসন বিভাগত নিযুক্তি দিয়া হৈছে। তদুপৰি জলসিঞ্চন বিভাগত ২৮০, গৃহ আৰু ৰাজনৈতিক বিভাগত ১৭১, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগত ২৬১ গৰাকী প্রার্থীক নিযুক্তি দিয়া হৈছে।
নৱনিযুক্তিপ্রাপ্ত প্রার্থীসকলক অভিনন্দন জনাই মুখ্যমন্ত্রীয়ে কয় যে স্বচ্ছ আৰু মেধাভিত্তিক ব্যৱস্থাৰ জৰিয়তে চৰকাৰী চাকৰিত তেওঁলোকৰ এই নিযুক্তি এক মাইলৰ খুঁটি স্বৰূপ, যাৰ অৰ্থ হ'ল যে নিয়োগ কর্তা আৰু কৰ্মচাৰী উভয়ে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত নিকা আৰু স্বচ্ছতা অৱলম্বন কৰিছে। সেয়েহে, তেওঁ নৱনিযুক্তি প্রাপ্ত প্রার্থীসকলক চৰকাৰী সেৱা আগবঢ়োৱাৰ সময়ত কোনোধৰণৰ অসৎ কামতলিপ্ত নহ'বলৈ আহ্বান জনায়। ড° শৰ্মাই তেওঁলোকক কার্যালয়ত যোগদান কৰাৰ প্ৰথম দিনাৰ পৰাই কোনোধৰণৰ দুৰ্নীতিত লিপ্ত নোহোৱাৰ বাবে সংকল্প ল'বলৈ আহ্বান জনায়। তেওঁ নবনিযুক্তি প্রাপ্ত প্রার্থীসকলক দুর্নীতিৰ বিৰুদ্ধে একো একোজন যুঁজাৰু হিচাপে কাম কৰিবলৈ আৰু চৰকাৰী ব্যৱস্থাৰ ভিতৰত যাতে আন কোনেও দুর্নীতিত লিপ্ত নহয় সেয়া নিশ্চিত কৰিবলৈও আহ্বান জনায়। তেওঁ দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ প্রয়োজনৰ প্রতি অত্যন্ত বিনম্র আৰু দয়ালু হ'বলৈও পৰামর্শ দিয়ে। মুখ্যমন্ত্রীয়ে কয় যে কর্মক্ষেত্রত দায়িত্ব পালন কৰাৰ লগতে সমাজৰ দৰিদ্ৰ আৰু দুর্বল শ্রেণীয়ে যাতে তেওঁলোকৰ পৰা উচ্চমানৰ সেৱা লাভ কৰে, সেয়াও নৱনিযুক্ত কর্মচাৰীসকলে নিশ্চিত কৰিব লাগিব।
ড° শর্মাই নতুনকৈ নিযুক্তি পোৱাসকলক 'টীম আছাম'ৰ মনোভাৱ গঢ়ি তুলিবলৈ আৰু ৰাজ্য প্রশাসনত অধিক ইতিবাচক পৰিৱৰ্তন অনাত সহায় কৰিবলৈ আহ্বান জনায়। ফাইলৰ কাম-কাজ দ্রুতগতিত নিষ্পত্তি কৰাৰ বাবে তেওঁলোকক সহযোগিতামূলক মনোভাৱ গ্রহণ কৰিবলৈও তেওঁ আহ্বান জনায়। মুখ্যমন্ত্রীয়ে লগতে পর্যবেক্ষণ কৰেযে বহু চৰকাৰী কর্মচাৰীয়ে কেৱল চাকৰি নোপোৱালৈকেহে নতুন কথা শিকাৰ আগ্রহ বজাই ৰাখে। ফলস্বৰূপে, তেওঁলোকে নিজৰ নিজৰ ক্ষেত্ৰত আহি থকা নতুনত্বৰ বিষয়ে অজ্ঞ হৈ থাকে। এই সজাগতাৰ অভাৱে তেওঁলোকক নিজৰ কামৰ মান উন্নত কৰাত বাধা দিয়ে আৰু জনসেৱাত তেওঁলোকৰ সামগ্ৰিক প্ৰভাৱ সীমিত কৰে। সেয়েহে তেওঁ নৱনিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকলক তেওঁলোকৰ সেৱাৰ অন্তিম দিনলৈকে নিৰন্তৰ শিকাৰ মানসিকতা আৰু জ্ঞান আহৰণৰ ধাৰা অব্যাহত ৰাখিবলৈ আহ্বান জনায়।
এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে নৱনিযুক্তিপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী সকলক তেওঁলোকৰ প্ৰথম দৰমহাৰে পিতৃ মাতৃৰ বাবে কিবা এটা উপহাৰ দিবলৈ আৰু সম্ভৱ হলে তেওঁলোকৰ পৰৱৰ্তী দৰমহাৰে নিজ নিজ অঞ্চলৰ নামঘৰ তথা অন্যান্য ধৰ্মীয় অনুষ্ঠানৰ বাবে কিবা এটা বৰঙণি আগবঢ়াবলৈ অনুৰোধ জনায়। আজিৰ এই অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়া, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, মুখ্য সচিব ড. ৰবি কোটা, কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজৰিয়া, সাধাৰণ প্ৰশাসন বিভাগৰ আযুক্ত সচিব এম এছ মণিৱন্নন আৰু আন কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী