
গোলাঘাট, ১০ জানুৱাৰী (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱত যোৱা কালি শুকুৰবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নিশা প্ৰায় ১১ মান বজাত দেৰগাঁও জেলেহুৱা গাঁৱত সংঘটিত হয় এই পথ দুৰ্ঘটনা।
জানিব পৰা মতে তীব্ৰ বেগী বাইক আৰোহীয় পথৰ দাঁতিৰ কালভাৰ্টত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত থিতাতে নিহত হয় প্ৰণৱ দাস নামৰ এজন ২০ বছৰীয়া যুৱক। নিহত প্ৰণৱ দাস নামৰ যুৱক জন দেৰগাঁও হাহচোৱা গাঁৱৰ তপন দাসৰ পুত্ৰ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্থ বাইক খনৰ নম্বৰ এএছ ০৫ ইউ ৭৬৫১ বুলি কোৱা হৈছে। এই দুৰ্ঘটনাৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ