
গোৱালপাৰা, ১০ জানুৱাৰী (হি.স.): ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথো কেইটামান দিনহে বাকী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰ শিমলীতোলা নয়াপাৰাতো আয়োজন কৰা হৈছে হেঁপাহৰ ভোগালী উৎসৱ।
নয়াপাৰা যুৱ সংঘ আৰু বৃহত্তৰ শিমলীতোলাবাসীৰ সমূহীয়া প্ৰচেষ্টাত আয়োজন কৰা হৈছে চতুৰ্থ বাৰ্ষিক ভোগালী মহোৎসৱ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন প্ৰথমটো ভোগালী উৎসৱত তেওঁৰ স্মৃতিত সাজি উলিওৱা হৈছে ১০৩ ফুট দৈৰ্ঘ্যৰ এটি বিশাল জাপি। উৰুকাৰ দিনাই জুবিন গাৰ্গৰ সহযোগী বাদ্যযন্ত্ৰী শিল্পী ৰাজা বৰুৱাই মুকলি কৰিব জাপিখন। সজোৱা হৈছে সুউচ্চ মেজিও । এনেদৰেই দিনে নিশাই চলিছে শিমলীতোলা ভোগালী উৎসৱৰ কামকাজ। শিমলীতোলা ভোগালী মহোৎসৱত সকলোৰে অংশগ্ৰহণ কামনা কৰিছে উদযাপন সমিতিয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ