সাঁচিগছ খেতিৰে স্বাৱলম্বী দেৰগাঁও ৰাংঢালিৰ এজন ব্যক্তি
সাঁচিগছ খেতিৰে স্বাৱলম্বী এজন ব্যক্তি।
সাঁচিগছ খেতিৰে স্বাৱলম্বী দেৰগাঁও ৰাংঢালিৰ এজন ব্যক্তি


গোলাঘাট, ১০ জানুৱাৰী (হি.স.): সাঁচিগছ খেতিৰে স্বাৱলম্বী হৈ পৰিছ গোলাঘাট জিলাৰ দেৰগাঁও ৰাংঢালিৰ এজন ব্যক্তি। লোকজনৰ নাম চহীদূৰ ৰহমান । বিগত ১৫/২০ বছৰে প্রায় ১৫০ বিঘাৰো অধিক মাটিত সাচি খেতি কৰি আহিছে এই ব্যক্তি জনে।

সাঁচি গছ খেতি কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰাই নহয়, নৱ প্ৰজন্মৰ বাবে এক উদাহৰণ স্বৰূপ হৈ পৰিছে দেৰগাঁও ৰাংঢালিৰ চহীদুৰ ৰহমান। কাৰণ চাকৰিৰ সমান্তৰালভাবে যে আন ব্যৱসায়টো মনোযোগ দি এজন সফল ব্যৱসায়ী হ’ব পাৰে তাৰেই নিদৰ্শন দাঙি ধৰিছে এই ব্যক্তি জনে। সাঁচি গছৰ মাজে মাজে তামোল গছ ৰোপণ কৰি ব্যৱসায়ত যথেষ্ট লাভবান হোৱা কথাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত সাঁচি গছৰ চাহিদা খুবেই বেছি বুলি কয় খেতিয়ক চহীদুৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande