তেজপুৰৰ ১৫৪ গৰাকী বিদূষী মহিলাৰ আৰ্থিক স্বাৱলম্বীতাৰ ৪৬ বছৰীয়া আলোকসন্ধানী যাত্ৰা
শোণিতপুৰ, ০৯ জানুৱাৰী(হি.স.)। বিদেশী বহিস্কাৰ আন্দোলন তথা অসমৰ ঐতিহাসিক অস্তিত্ব ৰক্ষা আন্দোলনৰ ভৰপক সময়ছোৱাত ৮০ ৰ দশকত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যজুৰি আৰম্ভ হৈছিল আৰ্থিক স্বাৱলম্বীতাৰ এক অভিযান ।কোনোৱে চিলাই কাম কৰিছিল, কোনোৱে নাপিতৰ, কোনোৱ
তেজপুৰৰ ১৫৪ গৰাকী বিদূষী মহিলাৰ আৰ্থিক স্বাৱলম্বীতাৰ ৪৬ বছৰীয়া আলোকসন্ধানী যাত্ৰা


শোণিতপুৰ, ০৯ জানুৱাৰী(হি.স.)। বিদেশী বহিস্কাৰ আন্দোলন তথা অসমৰ ঐতিহাসিক অস্তিত্ব ৰক্ষা আন্দোলনৰ ভৰপক সময়ছোৱাত ৮০ ৰ দশকত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যজুৰি আৰম্ভ হৈছিল আৰ্থিক স্বাৱলম্বীতাৰ এক অভিযান ।কোনোৱে চিলাই কাম কৰিছিল, কোনোৱে নাপিতৰ, কোনোৱে মুছিৰ কামকে ধৰি সকলো কামতে হাত উজান দিছিল খিলঞ্জীয়া যুৱক-যুৱতী সকলে । কিন্তু স্বাৱলম্বীতাৰ এই যাত্ৰা বৰ বেছি দীঘলীয়া নহ'ল যদিও সেইখিনি সময়ৰে পৰা অৰ্থাৎ ১৯৭৯ চনৰ ১৮ জুন তাৰিখৰ পৰা সেই আদৰ্শৰে উদ্বুদ্ধ হৈ তেজপুৰৰ একাংশ বিদূষী মহিলাই সমবায় ভিত্তিত আৰম্ভ কৰা এক অনুষ্ঠানে সুদীৰ্ঘ ৪৬ বছৰ ধৰি তেজপুৰত আজিও অব্যাহত ৰাখিছে আৰ্থিক স্বাৱলম্বীতাৰ এক দৃষ্টান্তমূলক যাত্ৰা ।

তেজপুৰৰ ২৫৪ গৰাকী মহিলা সদস্যাৰ ঊষানগৰ মহিলা সমবায় সমিতি লিমিটেড অৰ্থাৎ সমাৰোহ শীৰ্ষক এই সমবায় সমিতিৰ সদস্যা সকলে নিজ নিজ ঘৰতে অতি নিৰ্ভেজাল ভাৱে প্ৰস্তুত কৰা থলুৱা জলপান, পিঠা পনা আৰু হস্তশিল্প সামগ্ৰী বিক্ৰীৰে আৰ্থিক স্বাৱলম্বীতাৰ প্ৰকৃষ্ট উদাহৰণ দাঙি ধৰাই নহয় ইয়াৰ বিষয়ববীয়া সকলে কোনো ধৰণৰ পাৰিশ্ৰমিক গ্ৰহণ নকৰাকৈয়ে এই সমবায়ভিত্তিত লাভ অৰ্জন কৰা লাভৰ অংশৰ ধনৰাশিৰে যিকোনো সামাজিক কল্যাণমূলক কামকাজেৰেও ৰাজ্যখনৰ ভিতৰতে এক বিশেষ মহিলা সমবায় সমিতি হিচাপে পৰিগণিত হৈছে । কোনোগৰাকী অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক, কোনো গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, কোনো গৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী তেজপুৰৰ এই বিদূষী মহিলা সকলৰ সমাৰোহহয়নামৰ অনুষ্ঠানটোৱে প্ৰতি মঙলবাৰ আৰু শুক্ৰবাৰে তেজপুৰৰ সদৰ থানাৰ কাষতে থকা নিজা কাৰ্যালয়ত দূপৰীয়াৰ পৰা নিশালৈকে বিক্ৰীৰ ব্যৱস্থাৰে তেজপুৰৰ সচেতন গ্ৰাহকৰ সমাদৰ লাভ কৰাই নহয় এনে সামগ্ৰী সমূহৰ অৰ্ডাৰ লৈ বাহিৰলৈ পঠিওৱাৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহন কৰি আহিছে ।

উল্লেখ্য যে ভোগালী বিহু আৰু ৰঙালী বিহুৰ সময়ত মঙল আৰু শুক্ৰবাৰৰ পৰিৱৰ্তে আটাইকেইটা বাৰতেই বিক্ৰীৰ ব্যৱস্থা কৰি আয়োজন কৰি অহাৰ পিছত আগন্তুক ভোগালী বিহু উপলক্ষে আজি সভানেত্ৰী, বিশিষ্ট লেখিকা তথা তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী কন্যা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী মায়া শৰ্মাই আনুষ্ঠানিক ভাৱে ফিটা কাটি এইবাৰৰ ভোগালী মেলা উদ্বোধন কৰাৰ পিছত বিভিন্নজন গ্ৰাহকে সেই থলুৱা জলপান, পিঠা পনা আদি ক্ৰয় কৰা পৰিলক্ষিত হয় ।

উল্লেখ্য যে বিদেশী বহিস্কাৰ আন্দোলনৰ সময়ছোৱাৰ সেই স্বাৱলম্বীতাৰ যাত্ৰাৰ সময়তে তেজপুৰৰ সেই সময়ৰ এপেক্স বেংকৰ শাখা প্ৰবন্ধক প্ৰয়াত বলীন শৰ্মাই ইয়াৰ স্হায়ী ৰূপ দিব পৰাৰ দূৰদৃষ্টিৰে মহিলা সকলক এনে এক সমবায় আৰম্ভ কৰিবলৈ পৰামৰ্শ দি নিজে আগভাগ লৈ পঞ্জীয়নৰ পৰা সকলো কাম কৰি দিয়ে। ইয়াৰ পিছত সেইখিনি সময়তে তেজপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা অচলা বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা নিলীমা ভাগৱতী, নীনা দত্ত, হয়ইলা বৰঠাকুৰ, বিশিষ্ট লেখিকা মৃণালী চেতিয়া, জয়ন্তী গোস্বামী, ইভা ভট্টাচাৰ্যকে ধৰি একাংশ বিদূষী মহিলাই আগবঢ়াই নিয়া ঊষানগৰ মহিলা সমবায় সমিতি লিমিটেড অৰ্থাৎ সমাৰোহ এতিয়া ২৫৪ গৰাকী সদস্যাৰে বহুতৰ বাবে আদৰ্শ হৈ পৰিছে । সংস্হাটোৰ বৰ্তমানৰ সভানেত্ৰী, চাৰিকুৰি উৰ্ধৰ বিশিষ্ট লেখিকা তথা অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী মায়া শৰ্মাই এই সমবায় সমিতিৰ প্ৰতিষ্ঠা লগ্নৰ স্মৃতি সদৰি কৰি ইয়াৰ লক্ষ্য আৰু উদ্দেশ্যৰ সন্দৰ্ভত কয় গ্ৰাহকক অসমৰ পৰম্পৰাগত জা জলপান, পিঠা পনা, থলুৱা হস্তশিল্পৰ সামগ্ৰী যোগান ধৰি অহা পিছত সুদীৰ্ঘ ৪৬ বছৰে ইয়াৰ গুণাগুণ সন্দৰ্ভত কাৰোৰ পৰা কোনো অভিযোগ আজিলৈকে লাভ কৰা নাই । সমবায় সমিতিখনৰ কোনো বিষয়ববীয়াই কোনো ধৰণৰ পাৰিশ্ৰমিক গ্ৰহণ নকৰাকৈ অতবছৰে সেৱাৰ মনোভাৱেৰে সকলো জড়িত হৈ আহিছে । ইয়াৰ পৰা ৰাহি হোৱা ধনৰাশিৰে আৰ্থিকভাৱে পিছপৰা সন্তানক সহায় কৰাৰ পৰা আৰ্ত-দুৰ্গত লোকক সহায় কৰাৰ লগতে সমাজৰ কল্যাণমূলক কামত খৰচ কৰা হয় ।আনহাতে জা জলপান, পিঠা পনা উৎপাদন কৰা মহিলা সকলৰ আৰ্থিক স্বাৱলম্বীতাৰ দিশটোও ইয়াৰ সৈতে সংপৃক্ত হৈ থকাত স্বাভাৱিকতে সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়াৰ পথ প্ৰশস্ত হোৱা এই সমবায় সমিতিখনে নিশ্চয় আদৰ্শৰ এক সেন্দুৰীয়া বাট নতুন প্ৰজন্মক দেখুওৱাবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande