বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল বিৰোধীৰ
ভোট চুৰি ৰোধৰ দাবীৰে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াক স্মাৰক পত্ৰ প্ৰদান গুৱাহাটী, ০৯ জানুৱাৰী (হি.স.)। দলীয় এক ভিডিঅ’ কনফাৰেন্সযোগে ৬০ টা বিধানসভা সমষ্টিত বিজেপিক ভোট নিদিয়া লোকৰ নামৰ তালিকা প্ৰস্তুত কৰি তেনে লোকৰ নাম ভোটাৰ তালিকাৰপৰা কৰ্তনৰ ব্যৱস্থা
বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল বিৰোধীৰ


ভোট চুৰি ৰোধৰ দাবীৰে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াক স্মাৰক পত্ৰ প্ৰদান

গুৱাহাটী, ০৯ জানুৱাৰী (হি.স.)। দলীয় এক ভিডিঅ’ কনফাৰেন্সযোগে ৬০ টা বিধানসভা সমষ্টিত বিজেপিক ভোট নিদিয়া লোকৰ নামৰ তালিকা প্ৰস্তুত কৰি তেনে লোকৰ নাম ভোটাৰ তালিকাৰপৰা কৰ্তনৰ ব্যৱস্থা কৰিবলৈ দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই নিৰ্দেশনা দিয়া বুলি উত্থাপিত অভিযোগক লৈ আজিও উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি।

ইয়াৰ মাজতে আজি বিষয়টোক গুৰুত্বসহকাৰে লৈ সমগ্ৰ ঘটনাটোৰ উচিত তদন্ত বিচাৰি কংগ্ৰেছসহ আন বিৰোধী দলসমূহে একত্ৰিতভাৱে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ উক্ত কাৰ্যৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিলৰ সময়ত কংগ্ৰেছ দলৰ হৈ সাংসদ ৰকিবুল হুছেইন, প্ৰাক্তন সাংসদ ৰিপুণ বৰা, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ, অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ ৰাছেল হুছেইন, কবীন্দ্ৰ চেতিয়া ফুকন, চি পি আই এমৰ সুপ্ৰকাশ তালুকদাৰ আৰু চিপিআইএমএলৰ পংকজ কুমাৰ দাস থানাত উপস্থিত থাকে।

এজাহাৰত ৪ জানুৱাৰীৰ ভিডিঅ’ কনফাৰেন্সৰ প্ৰসংগ উল্লেখ কৰি আৰক্ষীক তাৰ ভিডিঅ’ ফুটেজ সংগ্ৰহৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই বিৰোধী দলসমূহে। ভোট চুৰিৰ ষড়যন্ত্ৰত লিপ্ত থকা কোনো লোকেই যাতে সাৰি যাব নোৱাৰে সেয়া সুনিশ্চিত কৰিবলৈকো আৰক্ষীক এজাহাৰযোগে অনুৰোধ জনাইছে বিৰোধী দলসমূহৰ প্ৰতিনিধি দলটোৱে। এজাহাৰ দাখিল কৰি প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুণ বৰাই সাংবাদিকৰ আগত কয়, আজি আমি সকলো বিৰোধী দলে ঐক্যবদ্ধভাৱে আহি দিছপুৰ থানাত বিজেপিৰ দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ আইন অমান্য কৰা আৰু জনতাক প্ৰতিনিধিত্ব কৰা আইন ভংগ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ বাবে এজাহাৰ দাখিল কৰিছো।

লগতে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত ৫টা দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰিছো।’’ সংবাদ মাধ্যমত সমগ্ৰ বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰা বুলি উল্লেখ কৰি বৰাই কয় যে বিষয়টোক লৈ নিৰ্বাচন আয়োগে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যদিও সেয়া এতিয়ালৈকে কৰা পৰিলক্ষিত হোৱা নাই। তেওঁ কয়, ''নিৰ্বাচন আয়োগে কোনোধৰণৰ ব্যৱস্থা এতিয়ালৈকে লোৱা নাই। সেয়ে আমি আটাইবোৰ বিৰোধী দল একত্ৰিত হৈ তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে এজাহাৰ দাখিল কৰিছো। বিষয়টো সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰিব লাগে আৰু যাতে তেওঁৰ ভিডিঅ' কনফাৰেন্সৰ কথোপকথনখিনি বিকৃত কৰিব নোৱাৰে তাৰ বাবে সেইখিনি সংগ্ৰহ কৰিব লাগে আৰু অসমৰ ৰাইজক জনাব লাগে।

উল্লেখ্য যে, এজাহাৰ দাখিলৰ পূৰ্বে বিৰোধীৰ প্ৰতিনিধি দলটোৱে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াক ৫ টা দাবী সম্বলিত ৫ পৃষ্ঠাৰ এখন স্মাৰকপত্ৰ দাখিল কৰে। স্মাৰকপত্ৰখনত বিজেপি দলে কিদৰে ভোট চুৰিৰ ষড়যন্ত্ৰত লিপ্ত হৈছে তাৰ সবিশেষ উল্লেখ কৰি স্বতন্ত্ৰ সাংবিধানিক সংস্থা হিচাপে সমগ্ৰ বিষয়টোত তাৎক্ষণিক হস্তক্ষেপ কৰাৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক দাবী জনায়। বজালী, গোলকগঞ্জ, শ্ৰীভূমি আদি অঞ্চলত নিৰ্দিষ্ট কৰ্তৃপক্ষই নিযুক্তি দিয়া এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিএলঅ’সকলক কামৰ মাজতে হঠাৎ উদ্দেশ্যপ্ৰণোদিতভাৱে কামৰ পৰা অব্যাহতি দিয়া তথা বদলি কৰাৰ বিষয়টোও স্মাৰক পত্ৰযোগে বিৰোধী দলসমূহে উনুকিয়াই দিয়ে।

স্মাৰক পত্ৰযোগে বিৰোধী দলসমূহে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াটোক মুখ্যমন্ত্ৰী তথা বিজেপিৰ ৰাজ্যিক সভাপতিকে ধৰি কোনো লোকে যাতে কোনোধৰণে প্ৰভাৱান্বিত কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ নিৰ্বাচন আয়োগক দাবী জনায়। বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ৬০ টা সমষ্টিৰ ভোটাৰ তালিকা সন্দৰ্ভত ভিডিঅ’ কনফাৰেন্সত কৰা আপত্তিজনক মন্তব্যৰ বিষয়টোত উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ লগতে এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈকো স্মাৰক পত্ৰযোগে বিৰোধী দলসমূহে আয়োগক দাবী জনাইছে। লগতে একেলগে লাভ কৰা ওজৰ আপত্তিসমূহ নিষ্পত্তি কৰাৰ সময়ত কোনোধৰণৰ শুনানি অবিহনে যাতে সেয়া কৰা নহয় তাৰ ব্যৱস্থা কৰিবলৈ জিলা নিৰ্বাচনী বিষয়া তথা সংশ্লিষ্ট আন নিৰ্বাচনী বিষয়াসকলক নিৰ্দেশ দিবলৈকো বিৰোধী দলসমূহে দাবী জনাইছে।

ভোটাৰ তালিকাৰ বিশেষ সংশোধনী চমুকৈ এছআৰৰ সমগ্ৰ প্ৰক্ৰিয়াটোত প্ৰতিগৰাকী নিৰ্বাচনী বিষয়া আৰু কৰ্মীয়ে যাতে নিৰ্বাচন আয়োগৰ বিধি অনুসৰি কাম কৰে আৰু শাসকীয় পক্ষৰ পৰা কোনোধৰণৰ হেঁচা পাবলগীয়া নহয় সেয়া সুনিশ্চিত কৰিবলৈকো বিৰোধী দলসমূহে নিৰ্বাচন আয়োগৰ ওচৰত স্মাৰক পত্ৰযোগে দাবী উত্থাপন কৰিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande