
জলসিঞ্চন বিভাগৰ কাম কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
গুৱাহাটী, ০৯ জানুৱাৰী (হি.স.)। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি দিছপুৰৰ নিজা কাৰ্যালয়ত টি বি মুক্ত ভাৰত অভিযানৰ সন্দৰ্ভত জিলা আয়ুক্ত আৰু সংশ্লিষ্ট জিলাৰ চেম্বাৰ্ছ অব কমাৰ্চৰ প্ৰতিনিধি সকলৰ লগত ভিডিঅ কনফাৰেন্স মাধ্যমেৰে এক বৈঠকত মিলিত হোৱাৰ উপৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বিভাগৰ কাম কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰে।
বৈঠকত মন্ত্ৰী গৰাকীয়ে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৩০ চনৰ ভিতৰত ভাৰতৰ পৰা টি বি সম্পূৰ্ণ ভাবে নিৰ্মূল কৰা লক্ষ্য নিৰ্ধাৰণ কৰিছে। প্ৰধান মন্ত্ৰীৰ টি বি মুক্ত ভাৰত অভিযানৰ লক্ষ্য হিচাপে নিক্ষয় মিত্ৰ সকলৰ জৰিয়তে টি বি ৰোগীক অতিৰিক্ত পুষ্টি, নিদামূলক আৰু আৰ্থিকভাৱে সহায় কৰিবলৈ ব্যক্তি, বেচৰকাৰী সংস্থা,কৰ্পৰেট গোষ্ঠীৰ সহযোগিতাৰে সমাজৰ পৰা টি বি নিৰ্মূল কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।তেওঁ কয় যে চৰকাৰে এই ক্ষেত্ৰত সহায় কৰিব পাৰে যদিও প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজৰ প্ৰত্যক্ষ সহযোগিতাৰে সমাজৰ পৰা টি বি নিৰ্মূল কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ বিভিন্ন জিলা সদৰত উপস্থিত থকা চেম্বাৰ্ছ অব কমাৰ্চৰ প্ৰতিনিধি সকলক সকলোকে আগবাঢ়ি আহি এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আহ্বান জনায়।
মন্ত্ৰীগৰাকীয়ে পাৱাৰ পইন্ট প্ৰদৰ্শনৰ দ্বাৰা টি বি মুক্ত ভাৰত অভিযানৰ বিশেষ পদক্ষেপ নিক্ষয় মিত্ৰ সন্দৰ্ভত বিতংভাবে বুজ লয়। তেওঁ জিলা আয়ুক্ত সকলক এই অভিযানত সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰি ভাৰতৰ পৰা ২০৩০ চনৰ ভিতৰৰ টি বি সম্পূৰ্ণ ভাৱে নিৰ্মূল কৰাৰ প্ৰধান মন্ত্ৰীৰ সপোনক বাস্তৱত ৰূপায়িত কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। টি বি মুক্ত ভাৰত অভিযানৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ স্থান প্ৰথম পাঁচটা স্থানৰ ভিতৰত থাকিব লাগে বুলি মন্ত্ৰী গৰাকীয়ে মতপোষণ কৰে।তেওঁ ইয়াৰ বাবে টি বি ৰোগী চিনাক্তকৰণ, ৰোগ পৰীক্ষণ, চিকিৎসা আদি এশ শতাংশ নিশ্চিত কৰাটো বাঞ্চনীয় বুলি তেওঁ কয়। তেওঁ টি বি মুক্ত ভাৰত অভিযানৰ লগত জড়িত সংশ্লিষ্ট বিষয়া সকলক সময়ে সময়ে এই বিষয়ে পৰ্যবেক্ষণ কৰি বিভাগক প্ৰতিবেদন জমা দিবলৈ নিৰ্দেশ দিয়ে।
তদুপৰি এই বৈঠকত মন্ত্ৰী অশোক সিংহলে মূলত থেলাচেমিয়া,ৰক্তহীনতা, চেলিব্ৰেল পালিচী সন্দৰ্ভত এছ অ পি প্ৰস্তুত, শিক্ষানুষ্ঠান সমূহত স্বাস্থ্য ক্লাৱ গঠন, মজুৰী ক্ষতিপূৰণ আঁচনি স্বাস্থ্যবান শ্ৰমিক আঁচনি, এ এম এছ চি এলৰ দ্বাৰা যোগান ধৰা ঔষধ আৰু কাৰিকৰী সামগ্ৰী ক্ৰয় কৰাকে ধৰি বিভাগৰ বিভিন্ন বিষয় সম্পৰ্কে বৈঠকত বিতং ভাৱে আলোচনা কৰা হয়।
মন্ত্ৰী গৰাকীয়ে সকলো বিষয় পাৱাৰ পইন্ট প্ৰদৰ্শনৰ দ্বাৰা বুজ লোৱাৰ লগতে বিতং ভাৱে পৰ্যালোচনা কৰি বিভাগক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। ৰাজ্যখনত অনুস্থিত হৈ যোৱা বৃহৎ স্বাস্থ্য শিবিৰত জটিল ৰোগত চিনাক্ত হোৱা ৰোগী সকলক উন্নত চিকিৎসাৰ ব্যৱস্থা খৰতকীয়া কৰিবলৈ বিভাগক নিৰ্দেশ প্ৰদান কৰে। উল্লেখ্য যে ৰাজ্যখনত অনুস্থিত হৈ যোৱা বৃহৎ স্বাস্থ্য শিবিৰত মুঠ ৩৩২২৫ গৰাকী জটিল ৰোগত আক্ৰান্ত ৰোগীক চিনাক্ত কৰি উন্নত চিকিৎসাৰ বাবে বিভাগে প্ৰয়োজনীয় যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।
ছাত্ৰ ছাত্ৰী সকলক স্কুলত অধ্যয়ন কৰি থকাৰ পৰাই যাতে সু স্বাস্থ্যৰ গৰাকী হব পাৰে সেই দিশত তেওঁলোকৰ মাজত সজাগতা সৃষ্টিৰ বাবে শিক্ষানুষ্ঠান সমূহত স্বাস্থ্য ক্লাব গঠন সন্দৰ্ভত জানিবলৈ বিচৰাত বিভাগে জানিবলৈ দিয়ে যে ইতিমধ্যেই ইয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু অতি সোনকালে শিক্ষানুষ্ঠান সমূহত স্বাস্থ্য ক্লাৱ সমূহ মুকলি কৰিব পৰা যাব। তেওঁ চৰকাৰী শিক্ষানুষ্ঠানৰ লগতে ব্যক্তিগত শিক্ষানুষ্ঠান সমূহতো এই স্বাস্থ্য ক্লাব গঠনৰ পোষকতা কৰে। মন্ত্ৰী গৰাকীয়ে অভিভাৱক বিষয়া সকলক তেওঁলোকৰ নিৰ্দিষ্ট জিলা সমূহ ভ্ৰমণ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা বিভিন্ন আঁচনি সমূহ ঠিকমতে ৰূপায়ণ হৈ আছেনে নাই সেই বিষয়ে পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।
আজিৰ এই বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ডাঃ পি অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ পৰিচালন সঞ্চালক ড০ লক্ষ্মণন এছ,চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক কমলজিত তালুকদাৰ,প্ৰমুখ্যে বিভাগৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে।
আনহাতে অসম চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি দিছপুৰৰ নিজা কাৰ্যালয়ত ৰাজ্যখনৰ জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাকে ধৰি শীৰ্ষ বিষয়াসকলৰ সৈতে আন এখন বৈঠকত মিলিত হৈ বিভাগৰ কাম কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰে।
এই বৈঠকত মন্ত্ৰী অশোক সিংহলে মূলত জলসিঞ্চন বিভাগৰ নতুনকৈ আৰম্ভ কৰা আই এন অ এপ, অভিভাৱক বিষয়া সকলৰ জিলা ভ্ৰমণ, এছ অ পি ডি কামৰ নিবিদা সম্পৰ্কে, বিভাগৰ বিভিন্ন কাম কাজ, আঁচনি ৰূপায়ন, আন্ত:গাঠনিকে ধৰি সকলো দিশৰে শেহতীয়া স্থিতিৰ সামগ্ৰিক বুজ লয়।
বৈঠকত মন্ত্ৰী গৰাকীয়ে বিগত পৰ্যালোচনা সভাত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিভাগে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়ে বিতং ভাৱে আলোচনা কৰে।আই এন অ এপৰ সম্পৰ্কে জানিবলৈ বিচৰাত, বিভাগে জানিবলৈ দিয়ে যে ইতিমধ্যেই প্ৰায়বোৰ ডাটা আপলোড কৰা হৈছে বুলি অৱগত কৰে। মন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত পাৱাৰ পইন্ট প্ৰদৰ্শনৰ দ্বাৰা বুজ লৈ কেতবোৰ পৰামৰ্শ আগবঢ়ায়। তেওঁ এই এপটোত আপলোড কৰা ডাটা আৰু প্ৰতিদিনে ইয়াৰ অগ্ৰগতি সম্পৰ্কে অৱগত কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে।
তদুপৰি মন্ত্ৰী গৰাকীয়ে বিভাগে এছ অ পি ডি ( জি ) ৰ অধীনত নতুনকৈ নিৰ্মাণ কৰিবলগীয়া ক্ষুদ্ৰ,মজলীয়া আৰু বৃহৎ আঁচনি সমূহৰ নিবিদা প্ৰক্ৰিয়াৰ বৰ্তমানৰ স্থিতি সম্পৰ্কে সভাত আলোচনা কৰি অতি সোনকালে ইয়াক কাৰ্যকৰী কৰিবলৈ বিভাগক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। মন্ত্ৰী গৰাকীয়ে বিভাগৰ অভিভাৱক বিষয়া সকলে বিভিন্ন জিলা ভ্ৰমন কৰি দাখিল কৰা প্ৰতিবেদনৰ বিতংভাৱে বুজ লয়।তেওঁ অভিভাৱক বিষয়াসকলে বিভিন্ন জিলাৰ জলসিঞ্চন আঁচনি সমূহ পৰিদৰ্শন কৰাৰ সময়ত সংশ্লিষ্ট জিলাৰ কৃষি বিভাগৰ লগত সভা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে বিভিন্ন আঁচনি সমূহৰ জৰিয়তে খেতি পথাৰলৈ পানী যোগান ধৰা, খেতিয়কে পানী যোগান লাভ কৰা আদি সকলো বিষয়ৰ ডাটা আই এন অ এপ জৰিয়তে কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে।
ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে আজিৰ বৈঠকত জলসিঞ্চন বিভাগৰ বিভিন্ন সংমণ্ডল আঁচনিসমূহৰ কাম-কাজৰ গতি ত্বৰান্বিত কৰাৰ সন্দৰ্ভত পৰ্যালোচনা কৰি বিভাগক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে।
উল্লেখ যে, আজিৰ এই পৰ্যালোচনা সভাত জলসিঞ্চন সচিব আদিল খান ,মুখ্য অভিযন্তা এফ, এম চিদ্দিকি,ধ্ৰুৱজ্যোতি ৰায় চৌধুৰী আদিকে ধৰি শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী