
কোকৰাঝাৰ, ০৯ জানুৱাৰী (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান চলে। অভিযানত ৰঙামাটিৰ পৰা চোৰাং কাঠৰ কুণ্ডাভৰ্তি বাহন এখন জব্দ কৰা হয়। পানবাৰী খণ্ড বন বিষয়া দলে চলাইছিল এই অভিযান।
মহামায়া সংৰক্ষিত বনাঞ্চলৰ পৰা কাঠ খিনি সৰবৰাহৰ চেষ্টা চলাইছিল চোৰাং কাঠ মাফিয়াই। ইফালে বনকৰ্মী অহাৰ উমান পাই আন্ধাৰৰ সুযোগ গ্ৰহণ কৰে পলায়ন কৰে কাঠ মাফিয়াই। শাল, গমাৰী আৰু নিম কাঠ ভৰ্তি আছিল বাহন খনত। জব্দকৃত বাহন খনৰ নম্বৰ এএছ ২৬ চি ৪০৬৫ বাহন খন পানবাৰী খণ্ড বন বিষয়া কাৰ্য্যালয়ত ৰখা হৈছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ