
কাছাৰ, ১০ মাৰ্চ (হি.স.)। এক গোপন খবৰৰ ভিত্তিত কাছাড়ৰ শিলচৰ - ৰামনগৰ বাইপাচত অভিযান চলাই এখন বাহনৰ পৰা বুজণ পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে আৰক্ষী আৰু ৩৮ নম্বৰ অসম ৰাইফলছে। ধলাইৰ পৰা শিলচৰ অভিমুখী এছে ১১ ইউ ৫৯৬৯ নম্বৰৰ মাৰুতি বলেনো বাহন খনত তালাচী চলাই আৰক্ষীয়ে বাহন খনৰ গোপন চেম্বাৰৰ পৰা ১৭টা হেৰ'ইন ভৰ্তি টা চাবোনৰ বাকচ জব্দ কৰিছে । বাকচ কেইটাৰ পৰা মুঠ ২০৯ গ্ৰাম হেৰ'ইন জব্দ কৰা হয়। জব্দ কৰা হেৰ'ইনৰ মূল্য ক'লা বজাৰত প্ৰায় ১.২৫ কোটি টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে।
হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে চাহাজ উদ্দিন নামৰ ধলাই ৰাজনগৰৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।
লগতে ড্ৰাগছ সৰবৰাহ কৰা বাহন খনো জব্দ কৰা হয়। অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত আছে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা